NORTHEAST NOW (Assamese)

এৰি দিয়া ভকত নহয় চীন! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক বৃদ্ধি কৰিলে বেইজিঙে

April 12, 2025 8:52 am · এন ই নাও নিউজ, গুৱাহাটী

চীনৰ সামগ্ৰীৰ ওপৰত মুঠ ১৪৫ শতাংশ শুল্ক ঘোষণা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে। সেই ঘোষণাৰ মাত্ৰ এদিন পিছতে চীনৰ বিত্ত মন্ত্ৰালয়ে এক বৃহৎ প্ৰতিশোধ ব্যৱস্থা ঘোষণা কৰে। এইবাৰ বেইজিঙে আমদানিকৃত আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক আৰোপ কৰিছে। পূৰ্বে এই শুল্ক আছিল ৮৪ শতাংশ।

চীনৰ বিত্ত মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, “আমেৰিকাই একপক্ষীয়ভাৱে চীনৰ ওপৰত অস্বাভাৱিক হাৰত শুল্ক আৰোপ কৰি আহিছে, যিটোৱে আন্তঃৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক বাণিজ্যৰ নিয়ম উলংঘা কৰিছে।

আমেৰিকাই যদি চীনৰ স্বাৰ্থক বিঘ্নিত কৰা পদক্ষেপ গ্ৰহণ কৰি থাকে তেন্তে তেওঁলোকেও প্ৰতিশোধৰ ব্যৱস্থা গ্ৰহণ কৰি শেষলৈকে চাব বুলি হুংকাৰ দিছে  দেশখনে। চীনৰ বিত্ত মন্ত্ৰালয়ে দাবী কৰে যে, “যদি আমেৰিকাই আমেৰিকালৈ ৰপ্তানি কৰা চীনৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰি থাকে তেন্তে চীনে ইয়াক উপেক্ষা কৰিব।”

বিশ্বৰ দ্বিতীয় বৃহত্তম অৰ্থনীতি আৰু আমেৰিকাৰ আমদানিৰ শীৰ্ষ উৎসৰ ওপৰত হোৱাইট হাউছে হেঁচা প্ৰয়োগ কৰি থকাৰ সময়তে বিশ্ব বাণিজ্য যুদ্ধৰ ডাৱৰবোৰ ক’লা হৈ পৰিছে। মন কৰিবলগীয়া যে বৃহস্পতিবাৰে ৱাশ্বিংটনে চীনৰ বাহিৰে আন দেশৰ ওপৰত পাৰস্পৰিক শুল্ক তিনি মাহৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল।

ইয়াৰ পিছতে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙে ইউৰোপীয় ইউনিয়নক আমেৰিকাৰ বিৰোধিতা কৰি একত্ৰিত হ’বলৈ আবেদন জনায়। বেইজিঙে দাবী কৰিছে যে ৰাষ্ট্ৰপতি ট্ৰাম্পে উচ্চ শুল্ক আৰোপ কৰাৰ একপক্ষীয় সিদ্ধান্ত “একপক্ষীয় বৰ্বৰতা” যিয়ে সমগ্ৰ বিশ্বক অৰ্থনৈতিকভাৱে ধ্বংস কৰিব পাৰে।

Related News