NORTHEAST NOW (Assamese)
Popular Stories

শান্ত হ’ব অশান্ত লাডাখ! : পাংগং হ্ৰদৰ পৰা চীনে প্ৰত্যাহাৰ কৰিছে চীনা সৈন্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 9:04 pm
index.jpgnn

লাডাখ সীমান্তৰ পাংগং হ্ৰদৰ পৰা সেনা পত্যাহাৰ কৰিছে চীন আৰু ভাৰতে।

চীন চৰকাৰৰ নিয়ন্ত্ৰিত সংবাদ সংস্থা ‘গ্লোবেল টাইমছ’ৰ উদ্ধৃতিৰে এএনআই-এ প্ৰকাশ কৰিছে এই বাতৰি।

চীনৰ সংবাদ সংস্থাটোৱে দাবী কৰিছে যে বুধবাৰৰ পৰা পাংগং হ্ৰদৰ উত্তৰ আৰু দক্ষিণাঞ্চলৰ পৰা ভাৰত আৰু চীনে সেনা প্ৰত্যাহাৰ কৰিবলৈ আৰম্ভ কৰিছে।

দুই দেশৰ সামৰিক বাহিনীৰ শেহতীয়া আলোচনাৰ সিদ্ধান্তৰ মৰ্মে দুই দেশে বিবাদিত স্থানটোৰ পৰা নিজ নিজ সৈন্য বাহিনীক প্ৰত্যাহাৰ কৰিছে বুলি চীনা প্ৰতিৰক্ষা মন্ত্ৰণালয়ে নিশ্চিতি প্ৰদান কৰিছে বুলি প্ৰকাশ কৰিছে সংবাদ সংস্থাটোৱে।

ইফালে প্ৰতিৰক্ষা বিশ্লেষকসকলৰ মতে লাডাখৰ দুৰ্গম পাহাৰীয়া অঞ্চলটো প্ৰচণ্ড ঠাণ্ডাৰ বাবে দীৰ্ঘকাল তাতে সেনা মোতায়েন কৰি ৰখাটো সম্ভৱ নহয়। এই বাবেই চীনে কৌশলগতভাৱে পাংগং হ্ৰদৰ পৰা সেনা বাহিনী প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলি দাবী কৰিছে বিশ্লেষকসকলে।

উল্লেখ্য যে বিগত বৰ্ষৰ মাৰ্চ মাহৰ পৰা চীনা সৈন্য বাহিনীয়ে লাডাখত আগ্ৰাসীৰূপ ধাৰণ কৰিছিল। দুই দেশৰ সেনা বাহিনীৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষৰো সূত্ৰপাত হৈছিল, য’ত ২০ জনকৈ ভাৰতীয় সৈন্য ছহিদ হৈছিল।