NORTHEAST NOW (Assamese)
অসম

চীন আৰু ভাৰত পাৰস্পৰিক বন্ধু হোৱা উচিত : চীনৰ বিদেশ মন্ত্ৰী

Posted by: এন ই নাও নিউজ March 8, 2019 6:03 pm
china-diplomacy_wang_yi-750x375

চীন আৰু ভাৰতে তেওঁলোকৰ অৰ্থনৈতিক বিকাশত অৰিহনা যোগোৱাৰ বাবে সপোন তথা সুযোগসমূহ বাস্তৱায়িত কৰিবলৈ পাৰস্পৰিক বন্ধুত্ব গঢ়ি তোলা উচিত। চীনৰ বৈদেশিক মন্ত্ৰী ওৱাং য়িয়ে শুকুৰবাৰে এইদৰে কয়।

‘’দেশ দুখনে এছিয়াৰ উত্থান তথা সমৃদ্ধিৰ বাবে যৌথভাৱে পৰ্যাপ্ত বৰঙণি আগবঢ়োৱা উচিত,’’ –দেশখনৰ বাৰ্ষিক বিধায়িনী অধিৱেশনৰ মাজতে সংবাদ মাধ্যমৰ আগত ওৱাঙে এইদৰে কয়।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনা সন্দৰ্ভত ওৱাংঙে কয় যে বেইজিঙে আশা কৰে যে দুয়োখন দেশে ‘’ আলোচনাৰ জৰিয়তে সংঘাত অঁতৰাব, সদিচ্ছাৰে মতানৈক্য দূৰ কৰিব আৰু সহযোগিতাৰে এক উন্নত ভৱিষ্যৎ গঢ়ি তুলিব।‘’ শিনহুৱা নিউজ এজেন্সিয়ে এই বাতৰি প্ৰকাশ কৰিছে।

পৰিস্থিতিৰ উন্নতি ঘটোৱাৰ ক্ষেত্ৰত ‘’দেশ দুখনে প্ৰকাশ কৰা আগ্ৰহক’’ চীনে আদৰণি জনোৱা বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

‘’চীনে প্ৰথমৰে পৰা শান্তি প্ৰতিষ্ঠাৰ বাবে তথা উত্তেজনা হ্ৰাস কৰাৰ বাবে অনুশীলনৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি আহিছে,’’-তেওঁ লগতে কয়।