NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত প্ৰধানমন্ত্ৰী মোদীৰ ছেলা সুৰংগ উদ্বোধনৰ পিছতে চীনৰ কূটনৈতিক প্ৰতিবাদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 12, 2024 8:44 am

যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণক লৈ চীনে ভাৰতৰ ওচৰত কূটনৈতিক প্ৰতিবাদ সাব্যস্ত কৰা বুলি জানিবলৈ দিয়ে। অৰুণাচল সন্দৰ্ভত নিজৰ দাবী পুনৰবাৰ উল্লেখ কৰি চীনে কয় যে ভাৰতৰ এই পদক্ষেপে সীমান্তৰ অমীমাংসিত প্ৰশ্নক জটিল কৰি তুলিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে (৯ মাৰ্চ) অৰুণাচল প্ৰদেশত ১৩ হাজাৰ ফুট উচ্চতাত নিৰ্মিত ছেলা সুৰংগ দেশৰ বাবে উৎসৰ্গা কৰে। এই সুৰংগই কৌশলগতভাৱে সামৰিকভাৱে গুৰুত্বপূৰ্ণ টাৱাঙলৈ সকলো প্ৰকাৰৰ সংযোগ প্ৰদান কৰিব আৰু সীমান্ত অঞ্চলত সেনাৰ সাৱলীল চলাচল নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

চীনে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলি দাবী কৰে আৰু নিজৰ দাবী দৃঢ় কৰিবলৈ ভাৰতীয় নেতাসকলে নিয়মীয়াকৈ ৰাজ্যখন ভ্ৰমণ কৰাত আপত্তি প্ৰকাশ কৰি আহিছে। চীনে অঞ্চলটোৰ নাম জাংনান ৰাখিছে।

লগতে পঢ়কঃ বিজেপিৰ সংবিধান সলনি বা পুনৰ্লিখনৰ যিকোনো প্ৰচেষ্টাই উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰিব: মল্লিকাৰ্জুন খাৰ্গে

ইপিনে, ভাৰতে বাৰে বাৰে অৰুণাচল প্ৰদেশৰ ওপৰত চীনৰ দাবী নাকচ কৰি ৰাজ্যখন দেশৰ এক অবিচ্ছেদ্য অংগ বুলি উল্লেখ কৰি আহিছে। ভাৰতে এই অঞ্চলটোক কাল্পনিক নাম দিয়াৰ বেইজিঙে লোৱা পদক্ষেপক নাকচ কৰি বাস্তৱ সলনি কৰিব নোৱাৰে বুলি কয়।

বাতৰি মতে, সোমবাৰে (১১ মাৰ্চ) বেইজিঙত এখন সংবাদমেলত প্ৰধানমন্ত্ৰী মোডীৰ অৰুণাচল প্ৰদেশ ভ্ৰমণৰ বিষয়ে চৰকাৰী সংবাদ মাধ্যমে প্ৰশ্ন কৰাত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে কয় যে জাংনান চীনৰ ভূখণ্ড। ৱেনবিনে কয় যে চীন চৰকাৰে ভাৰতৰ অধীনত অৰুণাচল প্ৰদেশক কেতিয়াও স্বীকৃতি দিয়া নাই আৰু ইয়াৰ দৃঢ়তাৰে বিৰোধিতা কৰিছে।

ৱেনবিনে কয় যে চীন-ভাৰত সীমান্তৰ বিবাদ এতিয়াও সমাধান হোৱা নাই। চীনৰ জাংনান অঞ্চলক স্বেচ্ছাচাৰীভাৱে উন্নয়ন কৰাৰ কোনো অধিকাৰ ভাৰতৰ নাই। ভাৰতৰ এই পদক্ষেপে সীমা বিবাদক জটিল কৰি তুলিব আৰু দুয়োখন দেশৰ সীমান্ত অঞ্চলৰ পৰিস্থিতি বিঘ্নিত কৰিব।

লগতে পঢ়কঃ ‘কা’ৰ বিৰুদ্ধে সমগ্র ৰাজ্যত গণতান্ত্ৰিকভাৱে তীব্ৰ প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান অসম বিৰোধী ঐক্যৰ

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই কয় যে চীন-ভাৰত সীমান্তৰ পূব অংশলৈ ভাৰতীয় নেতাৰ ভ্ৰমণৰ দৃঢ় বিৰোধিতা কৰিছে চীনে।ৱেনবিন ৱাঙে কয় যে আমি ভাৰতৰ ওচৰত কূটনৈতিক প্ৰতিবাদ দাখিল কৰিছো।

উল্লেখ্য যে অসমৰ তেজপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ সংযোগী পথত ৮২৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা সুৰংগটোক ইমান উচ্চতাত বিশ্বৰ আটাইতকৈ দীঘল দুইলেনযুক্ত পথ সুৰংগ হিচাপে বিবেচিত হৈছে। সেনা বিষয়াসকলৰ মতে, ছেলা সুৰংগই চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এল এ চি) বিভিন্ন সম্প্ৰসাৰিত স্থানলৈ সৈন্য আৰু অস্ত্ৰ-শস্ত্ৰৰ মসৃণ গতিৰ সুবিধা প্ৰদান কৰিব।