NORTHEAST NOW (Assamese)
অসম

চীন-ভাৰতৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰিবলৈ ‘ভ্ৰান্ত তথ্য বিয়পাইছে’ আমেৰিকাই; দাবী চীনৰ মুখপাত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 25, 2025 9:40 pm

চীনে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কত বাধাৰ সৃষ্টি কৰা নাই। বৰঞ্চ চীন-ভাৰতৰ সম্পৰ্ক উন্নত হোৱাত বাধা দিবলৈ চেষ্টা কৰিছে আমেৰিকা প্ৰশাসনে। সেইবাবেই দেশখনে ভাৰত-চীন সীমান্ত সমস্যাক মূলধন হিচাপে লৈ বেইজিঙৰ প্ৰতিৰক্ষা নীতিৰ বিষয়ে ‘ভ্ৰান্ত তথ্য বিয়পাইছে’।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে বৃহস্পতিবাৰে সংবাদমেলত এই অভিযোগ উত্থাপন কৰে।

লিন জিয়ানে কয়, ‘বেইজিঙে ভাৰতৰ সৈতে নিজৰ সম্পৰ্কক কৌশলগত আৰু দীৰ্ঘম্যাদী দৃষ্টিকোণৰ পৰা চায়। সীমান্তৰ বিষয়টো একচেটিয়াভাৱে চীন আৰু ভাৰতৰ মাজৰ বিষয়। এই বিষয়ত তৃতীয় দেশৰ কোনো মন্তব্য বা ৰায় আমি নাকচ কৰো।’

মঙলবাৰে আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগ পেন্টাগনে এক প্ৰতিবেদনত দাবী কৰে যে চীন-ভাৰত সীমান্তত উত্তেজনা হ্ৰাস পোৱা পৰিস্থিতিৰ সুযোগ লৈ বেইজিঙে সম্ভৱতঃ দ্বিপাক্ষিক সম্পৰ্ক সুস্থিৰ কৰাৰ চেষ্টা কৰিছে। একে সময়তে আমেৰিকা-ভাৰতৰ সম্পৰ্ক আৰু অধিক গভীৰ হোৱাত বাধা দিবলৈ চেষ্টা চলাইছে।

শেহতীয়াকৈ সীমান্তৰ উত্তেজনাক লৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। টহল আৰু সীমা নিৰাপত্তাৰ ক্ষেত্ৰত দুয়োখন দেশৰ মাজত এক চুক্তিত উপনীত হৈছে। ব্ৰিকছ সন্মিলনৰ সময়ত নৰেন্দ্ৰ মোডী আৰু ছি জিনপিঙে দ্বিপাক্ষিক বৈঠকতো মিলিত হয়। এই ইতিবাচক পদক্ষেপে আন্তঃৰাষ্ট্ৰীয় মহলত আলোচনাৰ জন্ম দিছে। কিন্তু এই পৰিস্থিতিয়ে আমেৰিকা আৰু চীনৰ মাজত নতুন মতানৈক্য বা কূটনৈতিক বিবাদৰ সৃষ্টি কৰিছে।

চলি থকা এই পৰিস্থিতি ভাৰতৰ বাবেও এক সুক্ষ্ম কূটনৈতিক পৰীক্ষা। কাৰণ আমেৰিকা ভাৰতৰ অন্যতম প্ৰধান প্ৰতিৰক্ষা অংশীদাৰ আৰু ‘কোৱাড’ৰ অংশীদাৰ। আনহাতে চীন এখন চুবুৰীয়া দেশ আৰু ইয়াৰ অন্যতম প্ৰধান বাণিজ্যিক অংশীদাৰ দেশ।