NORTHEAST NOW (Assamese)
অসম

বান্দৰ আমদানি কৰি কি কৰিব চীনে? শ্ৰীলংকাৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ ক্ৰয় ব্যক্তিগত সংস্থাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 20, 2023 6:34 pm

এটা বা দুটা নহয়, ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ শ্ৰীলংকাৰ পৰা চীনে আমদানি কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে দুয়োখন দেশৰ মাজত এক চুক্তিত উপনীত হৈছে। অৱশ্যে শ্ৰীলংকাত পৰিৱেশ সুৰক্ষাৰ কাম কৰা সংগঠনসমূহে ইতিমধ্যে এই চুক্তিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু প্ৰশাসনিক কৰ্তৃপক্ষই ইতিমধ্যে নিশ্চিত কৰিছে যে তীব্ৰ আৰ্থিক সংকটত ভুগি থকা শ্ৰীলংকাই চীনৰ অনুৰোধ মানি বান্দৰ ৰপ্তানি কৰিবলৈ সন্মত হৈছে।

শ্ৰীলংকাৰ কৃষি মন্ত্ৰী গুনাদাছা সমৰসিংহে কয় যে জীৱ-জন্তু প্ৰজনন আৰু চিৰিয়াখানা চলোৱা চীনৰ ব্যক্তিগত মালিকানাধীন কোম্পানী এটাই তেওঁৰ মন্ত্ৰালয়ৰ পৰা ১ লাখ বিপন্ন প্ৰজাতিৰ বান্দৰ বিচাৰিছে। অৱশ্যে শ্ৰীলংকাৰ কৃষি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে একেলগে ১ লাখ বান্দৰ যোগান ধৰিব নোৱাৰে।পৰ্যায়ক্ৰমেহে যোগান ধৰিব।

লগতে পঢ়ক: বৰফ গলিল! ভাৰত ভ্ৰমণলৈ আহি আছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱল ভুট্টো

তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তত বান্দৰৰ বাবে কৃষি শস্য ধ্বংস হোৱা বুলিও কয়।  সেইবাবেই লংকা চৰকাৰে চীনৰ অনুৰোধ বিবেচনা কৰিছে বুলিও তেওঁ কয়। লগতে চীনলৈ প্ৰেৰণ কৰিবলৈ সংৰক্ষিত অঞ্চলৰ পৰা কোনো বান্দৰ লৈ যোৱা নহ’ব বুলিও তেওঁ জনায়। কেবল মাত্ৰ খেতি কৰা অঞ্চলৰ পৰাহে বান্দৰ সংগ্ৰহ কৰা হ’ব।

শ্ৰীলংকাৰ স্থানীয় বিপন্ন প্ৰজাতিৰ বান্দৰৰ ভিতৰত অন্যতম হৈছে টক মেকাক বান্দৰ। ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেচন অৱ নেচাৰে এই বান্দৰটোক বিলুপ্তপ্ৰায় প্ৰজাতি হিচাপে তালিকাভুক্ত কৰিছে।

লগতে পঢ়ক: দেশ এৰি পলায়নৰ চেষ্টা! বিমানবন্দৰত আটক ‘পলাতক’ খালিস্তানপন্থী নেতা অমৃতপলৰ পত্নী

যোৱা সপ্তাহত শ্ৰীলংকাৰ কৃষি মন্ত্ৰী মহিন্দ মনৰাবীৰাই কয় যে চীনৰ এক লাখৰো অধিক চিৰিয়াখানাত এক লাখ বান্দৰ প্ৰদৰ্শনৰ বাবে চীনৰ অনুৰোধ বিবেচনা কৰিব পৰা যাব। তেওঁ লগতে কয় যে চীনাসকলে এই বান্দৰবোৰে তেওঁলোকৰ চিৰিয়াখানাৰ আকৰ্ষণ বৃদ্ধি কৰাটো বিচাৰে। শ্ৰীলংকাত পশুধন ৰপ্তানি কঠোৰভাৱে নিষিদ্ধ। কিন্তু চীনৰ এই প্ৰস্তাৱ এনে সময়ত আহিছে যেতিয়া শ্ৰীলংকাই ভয়াৱহ আৰ্থিক সংকটত ভুগিছে।

ইতিমধ্যে আৰ্থিক সংকটত ভুগি থকা শ্ৰীলংকাই বিলুপ্তপ্ৰায় প্ৰজাতি বা সংৰক্ষণৰ তালিকাৰ পৰা কেইবাটাও প্ৰাণীৰ নাম আঁতৰাই পেলাইছে। য’ত তিনি প্ৰজাতিৰ বান্দৰ, ময়ুৰ আৰু বনৰীয়া গাহৰি অন্তৰ্ভুক্ত। শ্ৰীলংকা প্ৰশাসনে কৃষকক এইবোৰক হত্যা কৰিবলৈও অনুমতি দিছে।

শ্ৰীলংকাৰ বিভিন্ন ঠাইত টক মেকাক বান্দৰে শস্য ধ্বংস কৰা বুলি জনা যায়। মাজে মাজে ই মানুহকো আক্ৰমণ কৰে। শ্ৰীলংকাৰ কৰ্তৃপক্ষই অনুমান কৰিছে যে সমগ্ৰ দেশতে এই প্ৰজাতিৰ ২০ৰ পৰা ৩০ লাখ বান্দৰ আছে। তাৰ পৰাই এক লাখ বান্দৰ চীনলৈ পঠিয়াব।

লগতে পঢ়ক: বয়স মাত্ৰ ২৫ বছৰ! ঘৰতে মৃত অৱস্থাত উদ্ধাৰ কে-পপ তাৰকা মুনবিনৰ দেহ

আনহাতে, চীনে এই কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। চীনৰ কোনো ব্যক্তিগত কোম্পানীলৈ শ্ৰীলংকাই এক লাখ বান্দৰ ৰপ্তানি কৰিছে নে নাই সেই কথা তেওঁলোকে নাজানে বুলি কয় চীনৰ দূতাবাসে। বিবৃতিত কোৱা হৈছে যে বন্যপ্ৰাণী আৰু উদ্ভিদৰ আমদানি আৰু ৰপ্তানি নিয়ন্ত্ৰণ কৰা নিয়ন্ত্ৰক চীনৰ ৰাষ্ট্ৰীয় বন আৰু তৃণভূমি প্ৰশাসনে শ্ৰীলংকাৰ পৰা বান্দৰ আমদানি কৰাৰ অনুমতিৰ বাবে এনে কোনো অনুৰোধ লাভ কৰা নাই।

বন্যপ্ৰাণী সুৰক্ষা আইন আৰু আইন প্ৰয়োগৰ ক্ষেত্ৰত চীনক বিশ্বৰ অন্যতম শীৰ্ষ দেশ হিচাপে উল্লেখ কৰি দূতাবাসে কয় যে চীনে ১৯৮৮ চনত বন্যপ্ৰাণী সুৰক্ষা আইন গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী সময়ত কেইবাটাও সংশোধনীৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চুক্তিৰ চুক্তিবদ্ধ পক্ষ। চীন বন্য প্ৰাণী আৰু উদ্ভিদৰ বিপন্ন প্ৰজাতিৰ বাণিজ্যৰ (CITES) বিৰুদ্ধে।

লগতে পঢ়ক: মৰ্মান্তিক! সাহায্য বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ নিহত কমেও ৮৫ জন; আহত ৩০০ৰো অধিক

মঙলবাৰে দূতাবাসে এক বিবৃতিত কয় যে চীন চৰকাৰে বন্যপ্ৰাণী সুৰক্ষাক সদায় অতি গুৰুত্ব দিয়ে আৰু আন্তঃৰাষ্ট্ৰীয় বাধ্যবাধকতা সক্ৰিয়ভাৱে পালন কৰে।