NORTHEAST NOW (Assamese)

লাডাখ সীমান্তত ভাৰতলৈ টোৱাই চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল

July 3, 2020 9:55 am · এন ই নাও নিউজ
চীনৰ মিছাইল। প্ৰতিনিধিত্বমূলক ফটো।

চীন-ভাৰত সীমান্তত পুনৰাবৃত্তি ঘটিব পাৰে ১৯৬২ৰ সেই ভয়াৱহ দিনবোৰৰ।পূব লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই ২০ গৰাকীকৈ ভাৰতীয় সেনাৰ জোৱানক হত্যা কৰাৰ পিছত সীমান্তত এতিয়া বিৰাজ কৰিছে তীব্ৰ উত্তেজনা।

এনে উত্তেজনাৰ মাজতে লাডাখৰ সীমান্তত ভাৰতলৈ টোৱাই চীনে স্থাপন কৰিছে শক্তিশালী মিছাইল ছিষ্টেম।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে ফাদিল কৰা তথ্য অনুসৰি লাডাখৰ পাংগং হ্ৰদ এলেকাৰ পৰা নাতি দূৰৈত অৱস্থিত ডেপচাং নামৰ অঞ্চলটোত চীনে স্থাপন কৰিছে এইছ কিউ শ্ৰেণীৰ মিছাইল।

প্ৰাপ্ত খবৰ অনুসৰি উক্ত অঞ্চলত চীনে স্থাপন কৰা এইছ কিউ ১৬ শ্ৰেণীৰ মিছাইলে প্ৰায় ৪০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত ধ্বংসলীলা চলাব পাৰে।

তাতোকৈয়ো ভয়াৱহ কথাটো হ’ল সেই অঞ্চলতে চীনে স্থাপন কৰা এইছ কিউ ৯ শ্ৰেণীৰ মিছাইলে ২০০ কিলোমিটাৰ ব্যাসাৰ্দ্ধত মৃত্যুৰ খেলা পাতিব পাৰে।

চীন-ভাৰত সীমান্তৰ লাডাখৰ ৮৫৬ কিলোমিটাৰ অঞ্চলত চীনে স্থাপন কৰিছে শক্তিশালী ৰকেট ছিষ্টেম। যি ৰকেট ছিষ্টেম অতি বিধ্বংসী বুলি সমগ্ৰ বিশ্বতে জনাজাত।

ভাৰতৰ বিৰুদ্ধে চীনে গঢ়ি তোলা এনে সমৰসজ্জাক আনকি পি এল এৰ একাংশ প্ৰাক্তন সদস্যই বিৰোধিতা কৰা দেখা গৈছে।

পি এল এৰ  প্ৰাক্তন সদস্য জিয়ানলি য়াঙে ৱাশ্বিংটন টাইমছ কাকতত লিখা এটা প্ৰৱন্ধত ভাৰতৰ বিৰুদ্ধে চীনে গ্ৰহণ কৰা পদক্ষেপক চোকা ভাষাৰে সমালোচনা কৰিছে।

Related News