NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ ফলত হৈ থকা মৃত্যুৰ বাবে চীনক জগৰীয়া কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 23, 2020 2:52 pm
Donald Trump

ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীনৰ বাবে আজি বিশ্বৰ চাৰে চাৰি লাখৰো অধিক লোকে মৃত্যুমুখত পৰিবলগীয়া হ’ল বুলি পুনৰ এবাৰ কঠোৰ মন্তব্য কৰিছে আমেৰিকাই।

এই মহামাৰী ভাইৰাছবিধৰ বাবে আমেৰিকাৰ ১ লাখ ২২ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে আৰু সেয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ক’ৰ’না প্ৰচাৰৰ বাবে চীনক জগৰীয়া কৰে।

হোৱাইট হাউছৰ প্ৰেছ সচিব কেলী মেকনেনীয়ে এখন সংবাদমেলত এই কথা উল্লেখ কৰি কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পে ক’ৰ’না প্ৰচাৰৰ বাবে চীনক জগৰীয়া কৰাৰ বাবে কেতিয়াও দুখ প্ৰকাশ নকৰে।

যোৱা সপ্তাহত ট্ৰাম্পে এখন ৰেলীত অংশ লৈ এই ভাইৰাছবিধক ‍‘কুং ফ্লু’ বুলি অভিহিত কৰিছিল, আৰু ইয়াৰ পিছত কিছু বিতৰ্কৰো সৃষ্টি হৈছিল।

এই বিতৰ্ক সন্দৰ্ভত প্ৰেছ সচিবগৰাকীয়ে কয়, ‍‘চীনৰ পৰা যে এই ভাইৰাছবিধৰ প্ৰচাৰ অন্য প্ৰান্তলৈ হৈছে সেই বিষয়টো বুজাবৰ বাবেহে এই শব্দটো ব্যৱহাৰ কৰা হৈছিল’।

ইয়াৰ উপৰি মেকনেনীয়ে কয় যে কিছুমান মিডিয়া হাউছে ‍‘চীন ভাইৰাছ’ বা ‍‘য়ুহান ভাইৰাছ’ শব্দ ব্যৱহাৰ কৰি দোষ জাপি দিয়ে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওপৰত।

তেওঁ লগতে মিডিয়া হাউচ সমূহক শব্দ খেলৰ বিপৰীতে চীনে এই ভাইৰাছবিধ বিশ্বৰ আন প্ৰান্তলৈ কিয় সম্প্ৰসাৰিত হ’বলৈ দিলে তাক লৈহে আলোচনা কৰিব লাগে বুলি মন্তব্য কৰে।