NORTHEAST NOW (Assamese)
অসম

পুনৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণ কৰিব চীনে, অসমলৈ সংকটৰ সংকেত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2020 10:32 am
a maxresdefault

ভাৰতৰ বিৰুদ্ধে জলবোমা সাজু কৰি ৰখা চীনে এইবাৰ পুনৰ অসমৰ জনজীৱনৰ আয়ূসৰেখা স্বৰুপ ব্ৰহ্মপুত্ৰৰ ওপৰত বৃহৎ নদী বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনলৈ ভাবুকি সৃষ্টি কৰি চীনে নিৰ্মাণ কৰিবলগীয়া এই নদী বান্ধ অৰুণাচলৰ সীমান্তৰ গাতে গা ঘঁহাই সজা হব বুলি জানিব পৰা গৈছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্লোৱেল টাইমছত প্ৰকাশিত বাতৰি অনুসৰি জাতীয় নিৰাপত্তাৰ কথা চিন্তা কৰিয়েই চীনে ব্ৰহ্মপুত্ৰৰ ওপৰত বান্ধ নিৰ্মাণৰ সিদ্ধান্ত লৈছে।

বিগত সপ্তাহত বেইজিঙত অনুষ্ঠিত চীনৰ পাৱাৰ কনষ্ট্ৰাকছন কৰ্প’ৰেছনৰ অধ্যক্ষ য়ান ঝিয়ঙে প্ৰকাশ কৰা মতে এই বান্ধ নিৰ্মাণৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ  কৰি তোলা হৈছে।

বান্ধটো নিৰ্মাণৰ বাবে চীনৰ চৰকাৰে যোৱা ১৬ অক্টোৱৰতে তিব্বতৰ প্ৰশাসনৰ সৈতে এখন চুক্তিত স্বাক্ষৰ কৰা বুলি সংবাদপত্ৰ খনত প্ৰকাশ কৰা হৈছে।

ব্ৰহ্মপুত্ৰ নদক চীনত য়াৰলং জাংবো নামেৰে জনা যায়। অৰুণাচলত এই নদৰ নাম ছিয়াং হৈছে।

ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে নিৰ্মাণ কৰিবলৈ ওলোৱা বান্ধৰ পৰা বছৰি উৎপাদন হব ৬০০ কোটি কিলোৱাট বিদ্যুৎ।

ব্ৰহ্মপুত্ৰ নদৰ ওপৰত চীনে ইতিমধ্যে বহু কেইটা সৰু-বৰ বন্ধ নিৰ্মাণ কৰিছে।

শেহতীয়াকৈ নিৰ্মাণ কৰিবলৈ ওলোৱা বান্ধটোৱে অসমৰ জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিব।