NORTHEAST NOW (Assamese)
অসম

অ’লিৰ সৈতে হলিগলি: ভাৰত-নেপালৰ সংঘাতৰ আঁৰত এগৰাকী সুন্দৰীৰ মায়াজাল!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 10:17 am
WhatsApp Image 2020-07-07 at 9.30.22 AM

ভাৰত-চীন সংঘাতক আন এক মাত্ৰা প্ৰদান কৰি ভাৰতৰ বিৰুদ্ধে নেপালৰ আগ্ৰাসী অৱস্থানে বিশেষ চৰ্চা লাভ কৰি আহিছে।

নেপালৰ এনে আচৰণৰ আঁৰত ৰঙা চীনৰ হাত থকা কথাটো সৰ্বজনবিদিত।

কিছুদিন পূৰ্বে নেপালে তুলি ধৰা নতুন মানচিত্ৰত ভাৰতৰ লিপুলেখ, কালাপানী আৰু লিম্পিয়াধুৰাক নিজৰ বুলি দাবী কৰিছে নেপালে।

আনকি নেপালৰ সংসদতো গৃহীত হৈছে এই নতুন মানচিত্ৰ।

বহুলভাৱে চৰ্চিত বি,য়টো হৈছে এইক্ষেত্ৰত চীনে নেপালত নিযুক্ত ইয়াৰ ৰাষ্ট্ৰদূত হউ য়ানকিক ব্যৱহাৰ কৰিছে।

সূত্ৰসমূহৰ মতে, নেপালৰ নতুন মানচিত্ৰখন সংসদত উত্থাপন কৰাৰ আঁৰতো আছিল চীনৰ ৰাষ্ট্ৰদূত য়ানকিৰ বিশেষ ভূমিকা।

স্বাভাৱিকতে প্ৰশ্ন হয় এখন বিদেশী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতগৰাকী এখন দেশৰ নীতিগত বিষয়ত কেনেকৈ ইমান প্রভাৱশালী হৈ পৰিল?

ইয়াৰ আঁৰৰ কাহিনী ক’বলৈ গ’লে কেইদিনমান পূৰ্বে পোহৰলৈ অহা এটি ভিডিঅ’ৰ কথাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

উক্ত ভিডিঅ’টোত চীনৰ ৰাষ্ট্ৰদূত ইয়ানকিক এটা অনুষ্ঠানত নেপালৰ পৰম্পৰাগত গহনা আৰু চোলি-লেহেংগা পৰিধান কৰি লোকসংগীতৰ তালে তালে নৃত্য কৰা দেখা গৈছিল।

সুন্দৰী ইয়ানকিৰ নৃত্যুত মুগ্ধ হৈ পৰিছিল নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লি। অ’লিৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি ইয়ানকি অ’লিৰ সৈতে আৰম্ভ কৰে হলিগলি।

লাহে লাহে ৰাজনীতিতো প্ৰভাৱ পেলাই ইয়ানকিয়ে নেপালৰ প্ৰধান মন্ত্ৰী অ’লিৰ বিশ্বাসভাজন হৈ পৰি অ’লিৰ কাষত নিজৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰি তোলে।

বাতৰি অনুসৰি, নেপাল সাংবিধানিক সংকট সৃষ্টি হোৱাৰ সময়তো ইয়ানকিৰ হস্তক্ষেপতে হেনো সমস্যাৰ নিষ্পত্তি হয়।

ইয়াৰ পাছতে নেপালৰ চকুৰ মণি হৈ পৰে হউ ইয়ানকি। আনহাতে, ৰাষ্ট্ৰদূত হ’লেও ইয়ানকিৰ আকৌ চীনৰ সেনা বিষয়াৰ পৰা আৰম্ভ কৰি নেপালৰ প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়লৈকে অবাধ বিচৰণ চলে।

নেপালৰ ৰাষ্ট্ৰপতি বিদ্যা সিং ভাণ্ডাৰীকে ধৰি দেশখনৰ মন্ত্ৰীবৰ্গ আৰু সকলোক্ষেত্ৰতে ইয়ানকিয়ে ৰাণী মৌৰ দৰে বিশাল ক্ষমতাৰ অধিকাৰী। সেই সূত্ৰেই তেওঁ নেপালক ভাৰত বিৰোধী কৰি তোলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে।

সূত্ৰৰ খৱৰ অনুসৰি মানচিত্ৰৰ সংশোধনৰ পৰা আৰম্ভ কৰি সীমান্তত সেনা শিৱিৰ স্থাপনলৈকে সকলোতে আছে ইয়ানিকৰ হাত।

ইয়ানকিৰ প্ৰভাৱতে এতিয়া নেপালত চীনৰ সেনাৰ প্ৰৱেশ বাধাহীন। কৰ’না প্ৰতিৰোধৰ বাবেও নেপালক সকলোধৰণৰ সহায় কৰিবলৈ আগবাঢ়ি আহিছে চীন। আৰু এই সকলোতে আছে ৰাষ্ট্ৰদূত ইয়ানকিৰ যাদুকৰী স্পৰ্শ!