চীন-ভাৰতৰ সংঘাতৰ মাজতে নেপাল ভ্ৰমণ কৰিব চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীয়ে

লাডাখ প্ৰসংগকলৈ চীনৰ সৈতে ভাৰতৰ সংঘাত চলি থকাৰ মাজতে নেপাল যাত্ৰাৰ বাবে সাজু হৈছে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেং।
আজি নেপাল চৰকাৰৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে।নেপাল চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ২৯ নৱেম্বৰৰ দিনা অৰ্থাৎ কাইলৈ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ৱেই ফেঙে এদিনীয়া ভ্ৰমণসূচীলৈ নেপাললৈ আহিব।
চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ লগতে দেশ খনৰ সেনা প্ৰধান পূৰ্ণচন্দ্ৰ থাপাৰ সৈতে আলোচনাত মিলিত হ’ব বুলি জানিব পৰা গৈছে।
বৃহস্পতিবাৰে ভাৰতৰ বিদেশ সচিব হৰ্ষবৰ্ধন শ্ৰিংলাই দুদিনীয়া ভ্ৰমণসূচীৰে নেপাল ভ্ৰমণ কৰি অহাৰ পিছতে চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে নেপাল ভ্ৰমণ কৰিবলৈ ওলোৱা কথা বিশেষ তাৎপৰ্য বহন কৰিছে।
শেহতীয়াকৈ নেপালে ভাৰতৰ বহু অঞ্চল সামৰি প্ৰকাশ কৰা নতুন মানচিত্ৰক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল।
ইয়াৰ মাজতে চীনে নেপালক ভাৰতৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰি আহিছে। চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীৰ প্ৰস্তাৱিত নেপাল ভ্ৰমণে সেয়ে বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটাইছে।