NORTHEAST NOW (Assamese)

চীনত প্ৰতিবাদৰ মুখ ‘টেংক লেডী’! ঘূৰাই আনিছে তিয়েনানমেন স্কোৱেৰৰ স্মৃতি

November 29, 2022 3:13 pm · এন ই নাও নিউজ, গুৱাহাটী

Chinese girl defiantly stands in front of riot cops চীনৰ জনসাধাৰণে ৰাষ্ট্ৰপতি জি জিনপিঙৰ শূন্য কোভিড নীতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। চীনৰ চহৰসমূহত প্ৰতিবাদ অব্যাহত আছে। কিছুমান প্ৰতিবাদকাৰীয়ে আনকি জিনপিঙৰ পদত্যাগ দাবী কৰিছে। আনহাতে, ছ’চিয়েল মিডিয়াত এগৰাকী যুৱতীৰ ফটো ভাইৰেল হৈ পৰিছে। ছবিখনত তেওঁক শূন্য কোভিড নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ প্ৰতিবাদৰ সময়ত আৰক্ষীৰ সন্মুখত নিৰ্ভয়ে থিয় হৈ থকা দেখা গৈছে।

বহুতেই এই যুৱতীক উচ্চ প্ৰশংসা কৰিছে আৰু তাইক ‘টেংক লেডী’ বুলি অভিহিত কৰিছে। দৰাচলতে, যুৱতীগৰাকীক ১৯৮৯ চনত তিয়েনানমেন স্কোৱেৰৰ টেংকৰ সন্মুখত দুয়োখন হাতত মোনা লৈ থিয় হোৱা মানুহজনৰ সৈতে তুলনা কৰা হৈছে। সেই সময়ত বেইজিঙৰ বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰা হৈছিল।

আজি ৩০বছৰৰ পিছত প্ৰতিবাদকাৰীসকলে আকৌ এবাৰ ছাংহাই আৰু বেইজিঙৰ ৰাজপথলৈ আহিছে আৰু মুকলিকৈ শূন্য কোভিড নীতিৰ বিৰোধিতা কৰিছে। এই সময়ছোৱাত এগৰাকী যুৱতীক আৰক্ষীৰ সন্মুখত সাহসেৰে থিয় হৈ কেমেৰাৰে ভিডিঅ’ বনাই থকা দেখা গৈছে।

প্ৰথমে, পুলিচে তেওঁক ঠেলি দিছিল আৰু তাৰ পিছত তেওঁক লৈ যোৱা দেখা গৈছিল। চীনৰ আইন-শৃংখলা ৰক্ষাত নিয়োজিত বাহিনীয়ে কেমেৰামেনজনক ছবিৰ ৰেকৰ্ডিং কৰাত বাধা দিয়াৰ পিছত যুৱতীগৰাকীৰ কি হ’লল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

সাংবাদিক য়াছাৰ আলীয়ে ভিডিঅ’টো টুইট কৰি লিখিছে, “চীন চৰকাৰৰ আৰক্ষীৰ বৰ্বৰতাৰ সন্মুখীন হৈ সাহসেৰে থিয় হৈ থকা এই সাহসী যুৱতীক চাওক। আমি যেতিয়া ইৰাণক সমৰ্থন কৰিব পাৰোঁ, আমি চীনকো সমৰ্থন কৰা উচিত।‘’

আনহাতে, প্ৰতিবাদৰ সময়ত খালী কাগজৰ পৃষ্ঠাবোৰ এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে, যাক বহুতে ‘উকা কাগজৰ বিপ্লৱ’ বা ‘A 4 বিপ্লৱ’ বুলি কয়। সমগ্ৰ দেশজুৰি বিভিন্ন প্ৰতিবাদৰ সময়ত লোকসকলক এখন খালী কাগজ ধৰি থকা দেখা গৈছিল। কিছুমানে কয় যে এইটো চেঞ্চৰশ্বিপ এৰাই চলাৰ এটা উপায়।

Related News