NORTHEAST NOW (Assamese)
অসম

সীমান্তত চীনৰ উচটনি; ভাৰতীয় সীমাৰ ১২ কি:মি: ভিতৰলৈ সোমাই আহিছিল হেলিকপ্টাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 17, 2020 10:09 am
china-WZ-10-attack-helicopter-750x375

ভাৰতীয় সীমান্তত চীনে ইয়াৰ প্ৰৰোচনামূলক সঞ্চালন অব্যাহত ৰাখিছে।

এইবাৰ হিমাচল প্ৰদেশৰ লাহোল স্পীতিত চীনৰ সৈতে লাগি থকা সীমান্তত চীনৰ হেলিকপ্টাৰে ভাৰতৰ সীমাৰ ভিতৰত প্ৰৱেশ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

এই হেলিকপ্টাৰ মে’ মাহৰ প্ৰথম সপ্তাহ আৰু এপ্ৰিলৰ অন্তিম সপ্তাহত ভাৰতীয় সীমাৰ ১২ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছিল।

হিমাচল পুলিচে প্ৰকাশ কৰা মতে পাছত সেই হেলিকপ্টাৰ তিব্বতৰ দিশে গুচি যায়।

হিমাচল পুলিচে বিষয়টো সামৰিক চোৰাংচোৱা, আই বি আৰু আইতিবিপিক অৱগত কৰে।

হিমাচল পুলিচে দাবী কৰা মতে যোৱা এক-ডেৰ মাহত চীনৰ সেনাই দুবাৰকৈ লাহোল স্পীতি অঞ্চলত অবৈধভাৱে প্ৰৱেশ কৰিছে।

সূত্ৰ অনুসৰি, চীনৰ হেলিকপ্টাৰ বহু তলেৰে উৰা দেখা গৈছেল।

লাহোল স্পীতিত চীনৰ এনে উচটনিমূলক কাৰ্যৰ পাছত সীমান্তত সুৰক্ষা ব্যৱস্থা বৃদ্ধি কৰা হৈছে আৰু চীনৰ গতিবিধিলৈ সুক্ষ্ম নজৰ ৰাখিছে।

উল্লেখ্য যে যোৱা ১২ মে’ত লাডাখ সীমান্তৰ ওচৰতো চীনে তৎপৰতা প্ৰদৰ্শনৰ চেষ্টা কৰা দেখা গৈছিল। সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ উৰা দেখাৰ পাছত ভাৰতীয় সেনাও সতৰ্ক হৈ পৰিছিল।

সীমান্তত চীনৰ সেনাৰ হেলিকপ্টাৰ দেখাৰ পাছত আকাশ মাৰ্গত ভাৰতীয় যুদ্ধ বিমানৰ উৰণো দেখা গৈছিল।

ইয়াৰ পূৰ্বে ভাৰতীয় জোৱান আৰু চীনা জোৱানৰ মাজত সংৰ্ঘৰ সূত্ৰপাত হৈছিল।

পূব লাডাখ আৰু উত্তৰ ছিকিমৰ নাকু লাৰ ওচৰত ভাৰত আৰু চীনৰ সেনা জোৱানৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুইপক্ষৰ কেইবাজনো জোৱান আহত হৈছিল।

কৰ’না ভাইৰাছ মহামাৰীয়ে বিশ্বক আতংকিত কৰি ৰখাৰ সময়তে চীনৰ আক্ৰমাণাত্মক ৰূপে স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।