NORTHEAST NOW (Assamese)
অসম

ভূমি দখলৰ চেষ্টা: লাডাখত পুনৰ চীনৰ সেনাৰে ভাৰতীয় সেনাৰ সংঘৰ্ষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 31, 2020 1:45 pm
ITBP-mock-

আগ্ৰাসনবাদী চীনৰ সেনাৰ সৈতে লাডাখত পুনৰ ভাৰতীয় সেনাৰ সংঘৰ্ষ লগাৰ খবৰ পোৱা গৈছে।

১৫ জুনৰ দিনা লাডাখৰ গালোৱান ভেলীত চীনৰ সেনাই আক্ৰমণ চলাই ২০ জন ভাৰতীয় জোৱানৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছত বিগত কিছুদিন ধৰি দুয়োখন দেশৰ মাজত আলোচনা চলি আছিল ।

এনে সময়তে পুনৰ দেশ দুখনৰ সেনাৰ মাজত সংঘৰ্ষ লগাৰ খবৰে বহুতকে উদ্বিগ্ন কৰি তুলিছে।

ভাৰতীয় সেনাৰ  মুখপাত্ৰ অমন আনন্দে প্ৰকাশ কৰা অনুসৰি ২৯ আৰু ৩০ আগষ্টত চীনৰ সেনাই সীমান্ত ৰেখা উলংঘন কৰি লাডাখৰ পশ্চিম প্ৰান্তৰ পাংগং লেকৰ সমীপত ভূমি দখলৰ চেষ্টা চলায়।

চীনৰ সেনাৰ এনে কাৰ্যত ভাৰতীয় সেনাই বাধা দিয়াত দুই পক্ষৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

ভাৰতীয় সেনাই চীনা সেনাক শক্তি প্ৰয়োগ কৰি উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয় বুলি সেনাৰ মুখপাত্ৰ গৰাকীয়ে প্ৰকাশ কৰে।

উল্লেখ্য ১৫ জুনৰ সংঘৰ্ষত বহু কেইজন চীনৰ সেনাও নিহত হৈছিল যদিও সেই কথা চীনে ৰাজহুৱা কৰা নাই।

শেহতীয়া সংঘৰ্ষত কোনো লোক হতাহত হৈছে নেকি সেয়াও জানিব পৰা হোৱা নাই।