NORTHEAST NOW (Assamese)
অসম

ভাৰত, নেপালৰ পিছত এইবাৰ ভূটানৰ ভূমিত লোলুপ দৃষ্টি ড্ৰেগনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 13, 2020 1:38 pm
bhut

আগ্ৰাসনবাদী চীনে ভাৰত তথা নেপালৰ বৃহৎ ভূখণ্ড অবৈধ ভাবে দখল কৰাৰ পিছত এইবাৰ লোলুপ দৃষ্টি নিক্ষেপ কৰিছে ভূটানৰ পিনে।

ড্ৰেগন বাহিনীয়ে ইতিমধ্যে ভূটানৰ পশ্চিম আৰু মধ্য অঞ্চলৰ বিশাল এলাকাত নিজৰ দখল সাৱস্ত্য কৰিছে।

ফলত চিন্তিত হৈ পৰিছেভূটানৰ চৰকাৰ।

থিম্ফুত ভূটানৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পশ্চিম ভূটানৰ চুম্বী ভেলীত চীনৰ সেনাই প্ৰৱেশ কৰি সেই অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

এইক্ষেত্ৰত ভূটানৰ ৰয়েল আৰ্মীয়ে চীনৰ সেনাক বাধা প্ৰদান কৰিছে যদিও চীনৰ সেনাই সেই বাধাক মুঠেও গুৰুত্ব দিয়া নাই বুলি ভূটান চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

সূত্ৰটোৰ মতে ভূটানৰ মধ্য অঞ্চলত থকা ৰাজা-ৰাণী হ্ৰদৰ কাষত বাস কৰা ভূটানৰ স্থানীয় লোকসকলক চীনৰ ড্ৰেগন বাহিনীয়ে নানান ভয়-ভাবুকিৰে সেই ঠাইৰ পৰা খেদি পঠিয়াইছে আৰু তাত সেনাৰ শিবিৰ স্থাপন কৰিছে।

উল্লেখ্য লাডাখ সংকটকলৈ ভাৰত আৰু ভূটানৰ মাজত যুদ্ধ লাগিলে চীনৰ সেনাই ভূটানত মাটি দখল কৰি স্থাপন কৰা শিবিৰৰ পৰা ভাৰতক আক্ৰমণ কৰিব পাৰিব।

২০১৭ চনতো চীনৰ সেনাই ভূটানৰ অন্তৰ্গত ডোকলাম অঞ্চলক নিজৰ বুলি দাবী কৰাৰ ফলত ভাৰত আৰু ভূটানৰ সৈতে চীনৰ ৭৩ দিন ধৰি অচলাৱস্থা অব্যাহত আছিল।

পিছত যেনিবা ভাৰতৰ হস্তক্ষেপত চীনে ডোকলামত কৰা দখল এৰি দিবলৈ বাধ্য হৈছিল।