NORTHEAST NOW (Assamese)
অৰুণাচল

অভিসন্ধি! অৰুণাচল সীমান্তৰ কাষৰ তিব্বতত শীঘ্ৰে ৰে’ললাইন নিৰ্মাণৰ নিৰ্দেশ জিনপিঙৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 9, 2020 8:35 am
WhatsApp Image 2020-11-09 at 7.52.32 AM

ভাৰতৰ সৈতে ফেপেৰি পাতিবলৈ এৰা নাই চীনে। লাডাখৰ পাছত এইবাৰ অৰুণাচল সীমান্তত উত্তেজনা সৃষ্টিৰ প্ৰচেষ্টা চলাইছে চুবুৰীয়া দেশখনে।

এনে উদ্দেশ্যৰে তিব্বতৰ ওপৰেৰে ৰে’ললাইন নিৰ্মাণৰ কাম দ্ৰুততাৰে সমাপ্ত কৰাৰ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপতি সি জিনপিঙে।

কূটনীতিবিদসকলে চীনৰ সেনাবাহিনীৰ গতিবিধি তথা জিনপিং প্ৰশাসনৰ তৎপৰতালৈ লক্ষ্য কৰি এনেকুৱাই দাবী কৰিছে।

অৰুণাচল প্ৰদেশৰ সীমান্তৰ সিপাৰে অৱস্থিতি তিব্বতৰ লিনঝিৰ পৰা চীনৰ দক্ষিণ-পশ্চিম দিশে থকা ছিচুৱান প্ৰদেশৰ ছেংডুলৈকে চীনে ৪৭.৮ বিলিয়ন ডলাৰ ব্যয় সাপেক্ষ ৰে’ল প্ৰকল্প নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

বাতৰি অনুসৰি, দেওবাৰে প্ৰশাসনিক বিষয়াসকলক ইয়াৰ কাম দ্ৰুতভাৱে সমাপ্ত কৰাৰ নিৰ্দেশ দিয়ে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে।

এই প্ৰকল্পই চীনৰ সীমান্ত এলেকা সুৰক্ষিত কৰি ৰখাত গুৰত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি জিনপিঙে দাবী কৰিছে।

ইপিনে, চীনৰ এনে তৎপৰতাৰ পাছতে সষ্টম হৈ উঠিছে নতুন দিল্লী। অৰুণাচল সীমান্তত কঠোৰ নিৰীক্ষণ চলাই ৰখা হৈছে আৰু চীনৰ এনে কাৰ্যক মানি লোৱা নহ’ব বুলি ইংগিত দিছে।

উল্লেখ্য যে কুইনঘাই-তিব্বত ৰে’ল প্ৰকল্পৰ কাম সমাপ্ত হোৱাৰ পাছতেই ছিচুৱান-তিব্বত ৰে’ল লাইন নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনৰ প্ৰশাসনে। ছিচুৱান প্ৰদেশৰ ৰাজধানী ছেডুৰ পৰা ইয়ান আৰু কোৱামডো হৈ তিব্বতৰ লাছালৈকে ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে চীনে।

এই প্ৰকল্পটোৰ ফলত ছেংডুৰ পৰা লাছালৈক যাবলৈ ৪৮ঘন্টাৰ পৰিৱৰ্তে মাত্ৰ ১৩ ঘন্টা লাগিব। সেইদৰে লিনঝিও খুৱ কম সময়ৰ ভিতৰতে পাব।

ইয়াৰ ফলত অৰুণাচল প্ৰদেশ সীমান্তত চীনে সহজতে অধিক সংখ্যক সেনা মোতায়েন কৰিবলৈ সক্ষম হ’ব। এনে দিশলৈ লক্ষ্য ৰাখিয়েই ৰাষ্ট্ৰপতি জিনপিঙে প্ৰকল্পটোৰ কাম শীঘ্ৰে সমাপ্ত কৰিবলৈ নিৰ্দেশ দিছে।