মংগল গ্ৰহৰ বুকুত পানীৰে ভৰা গহ্বৰ! চীনা বিজ্ঞানীৰ দাবীক কেন্দ্ৰ কৰি নতুন কৌতুহল
অৱশেষত আমি চুবুৰীয়া গ্ৰহটোৰ ‘চুবুৰীয়া’ক লগ পামনে? চীনৰ বিজ্ঞানীসকলৰ দাবীক কেন্দ্ৰ কৰি ৰঙা গ্ৰহটোৰ প্ৰতি এই কৌতুহল পুনৰ জাগি উঠিছে। শেহতীয়াকৈ তেওঁলোকৰ গৱেষণাৰ পৰা জানিব পৰা গৈছে যে মংগল গ্ৰহৰ বিখ্যাত ‘হেব্ৰুছ ভেলেছ’ত কমেও ৮টা পানীৰ দ্বাৰা গঠিত এনে ফুটা পোৱা গৈছে।
আগতে আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত এই গুহাৰ মুখবোৰৰ জন্ম হোৱা বুলি ভবা হৈছিল। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই গুহাবোৰ আগ্নেয়গিৰিৰ লাভাৰ দ্বাৰা গঠিত নহয়, বৰঞ্চ পানীৰ দৰে তৰল পদাৰ্থত শিলাখণ্ড দ্ৰৱীভূত হোৱাৰ ফলতহে গঠিত।
চীনৰ বিজ্ঞানীসকলৰ এই দাবীয়ে মংগল গ্ৰহৰ বিষয়ে আমাৰ ধাৰণাক আমূলভাৱে সলনি কৰিব বুলি অনুমান কৰা হৈছে। কৌতুহলীসকলৰ স্বাভাৱিক প্ৰশ্নটো হ’ল, এইবাৰ মংগল গ্ৰহত জীৱনৰ অস্তিত্ব পোৱা যাবনে?
শেহতীয়াকৈ চীনৰ বিজ্ঞানীৰ এটা দলে মংগল গ্ৰহৰ ‘হেব্ৰুছ ভেলী’ত গৱেষণা চলাইছে। সেইবাবেই তেওঁলোকে এটা যুগান্তকাৰী কথা লক্ষ্য কৰা বুলি দাবী কৰে।
যোৱা অক্টোবৰ মাহত ‘দ্য এষ্ট্ৰ’ফিজিকেল জাৰ্নেল লেটাৰছ’ত এটা প্ৰতিবেদন প্ৰকাশ পাইছিল। ইয়াত নাছাৰ উপগ্ৰহৰ পৰা পোৱা সকলো তথ্য তুলি ধৰি মংগল গ্ৰহত নতুনকৈ আৱিষ্কৃত গুহা বা গহ্বৰৰ বিষয়ে ব্যাখ্যা কৰা হৈছে। নাছাৰ উচ্চ প্ৰযুক্তিৰ যন্ত্ৰ থাৰ্মেল ইমিছন স্পেকট্ৰমিটাৰৰ ছবি আৰু তথ্য বিশ্লেষণ কৰি কোৱা হয় যে ৰঙা গ্ৰহটোৰ সেই অংশৰ প্ৰতিটো গহ্বৰ ডাঠ, ঘূৰণীয়া আৰু গভীৰ। ইয়াৰ মাজত কিছুমান অস্বাভাৱিক শিলাখণ্ড পোৱা গৈছে। যাৰ ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা বিজ্ঞানীসকলে কাৰ্বনেট আৰু ছালফেটৰ উপস্থিতি দেখিছে।
অধিক পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত বিজ্ঞানীসকলে দাবী কৰে যে পৃথিৱী সৃষ্টিৰ সময়ত এনে ধৰণৰ গহ্বৰ সৃষ্টি হৈছিল। কিন্তু মংগল গ্ৰহৰ পৃষ্ঠত একে ধৰণে সৃষ্টি হোৱা গহ্বৰ প্ৰথমবাৰৰ বাবে পোৱা গৈছে। সৌৰ বিকিৰণ, ধূলিৰ ধুমুহা আৰু উষ্ণতাৰ চৰম পৰিৱৰ্তনৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি দাবী কৰা হৈছে।
বিজ্ঞানীসকলৰ মতে এনে গুহাত অণুজীৱৰ বাবে উপযোগী পৰিৱেশ থাকে। কিন্তু চুবুৰীয়া গ্ৰহতো ইহঁতৰ অস্তিত্ব আছেনে? এয়াই এতিয়া লাখটকীয়া প্ৰশ্ন। যদি তেনেকুৱা হয়, মংগল গ্ৰহত জীৱৰ সন্ধানৰ গৱেষণাই নিঃসন্দেহে এক নতুন স্তৰত উপনীত হ’ব।