NORTHEAST NOW (Assamese)
অসম

চিৰাঙৰ পাণবাৰী ৰিজাৰ্ভ ফৰেষ্টৰ বুকুত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 24, 2019 5:09 pm
Chirang police seize huge cache of arms, ammunition in BTAD's Panbari reserved forest

চিৰাং আৰক্ষীৰ অভিযানত মঙলবাৰে জিলাখনৰ গব্ৰুখুন্দা এলেকাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চলত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হৈছে।

ৰাতিপুৱা ৫.৩০ বজাত বনাঞ্চলখনত খনন চলাই পুতি থোৱা অস্ত্ৰ-শস্ত্ৰখিনি উদ্ধাৰ কৰা হৈছে, আৰক্ষীৰ বিবৃতিত প্ৰকাশ।

উদ্ধাৰ হোৱা অস্ত্ৰ-শস্ত্ৰসমূহ: ১) ফেক্তৰি নিৰ্মিত ৰাইফল ৯টা, ২) দেশী ৰাইফল ১১টা, ৩) ৭.৬২ এ কে ছিৰিজৰ গুলী ৫৬, ৪) ৫.৫৬ গুলী ১০, ৫) ৭.৬২ স্নাইপাৰ গুলী ২১, ৬) ৭.৬২ পি আই কে এ গুলী ১০, ৭) ৭.৬২ চিটিএন ২৯, ৮) ৩৩৩ নাইত্ৰ’ ০১, ৯) এম২০ গুলী ০১, ১০) দেশী গুলী ০৫, ১১) খালী কাত্ৰিজ ৮৩, ১২) ১২ ব’ৰৰ খালী কাত্ৰিজ ১৫, ১৩) ৭.৬২ পিস্তল মেগাজিন ০৩, ১৪) .২২ পিস্তল মেগাজিন ০১, ১৫) বিস্ফোৰক (পিইকে) ১৭ কেজি, ১৬) হেণ্ড হেল্ড ৰে’দিঅ’ (চীনত নিৰ্মিত) ০২, ১৭) ১২ ভল্টৰ বেটাৰি ০১, ১৮) ৱায়াৰ ৯৩ ফুট, ১৯) সন্দেহজনক লীদ/ লোৰ বল ১০, ২০) অতিৰিক্ত বেৰেল ০১ (।)

সোমবাৰে সন্ধিয়া ৫ বজাৰ পৰা চলা অভিযানটোত বনাঞ্চলখনৰ বিভিন্ন ঠাইত খনন চলোৱা হৈছিল।

এঠাইত খনন কৰোঁতে প্লাষ্টিকৰ ৮টা পেকেট পেকেট উদ্ধাৰ হয়। আৰু খুলি চোৱাত তাৰ ভিতৰত অস্ত্ৰসমূহ পোৱা যায়, বিবৃতিত প্ৰকাশ।

বিজনীৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষী, ভাৰতীয় সেনাৰ ৫ম গঢ়ৱাল ৰাইফলছ আৰু এচ এচ বিয়ে যৌথভাৱে অভিযানটো চলাইছিল।

এলেকাটো পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আৰু অস্ত্ৰ উদ্ধাৰৰ স্থানলৈ থানাখনৰ পৰা ১৮ কি. মি. দূৰ।

উদ্ধাৰ অভিযানটোত ভাৰতীয় সেনাৰ স্নিফাৰ দগ ব্যৱহাৰ কৰা হৈছিল।