NORTHEAST NOW (Assamese)

অসম জাতীয় পৰিষদৰ পৰা পদত্যাগ চিত্তৰঞ্জন বসুমতাৰীৰ

May 27, 2022 3:29 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীয়ে আজি আকস্মিকভাৱে দলৰ পৰা পদত্যাগ কৰে। দলীয় কাম-কাজকলৈ অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে।

ইতিমধ্যে দলীয় নেতৃত্বলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে চিত্তৰঞ্জন বসুমতাৰীয়ে। উল্লেখ্য যে বিগত উপ-নিৰ্বাচনত মাজুলীৰ পৰা প্ৰতিদ্বন্দিতা কৰি পৰাস্ত হৈছিল বসুমতাৰী।

ইয়াৰ পূৰ্বে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত অসম জাতীয় পৰিষদৰ হৈ ধেমাজিৰ পৰা প্ৰাৰ্থীত্ব আগ বঢ়াইছিল চিত্তৰঞ্জন বসুমতাৰীয়ে।

আনহাতে বসুমতাৰীৰ পদত্যাগ পত্ৰ পোৱাৰ পাছতেই সংবাদমেল যোগে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে চিত্তৰঞ্জন বসুমতাৰীয়ে উত্থাপন কৰা অভিযোগ সমূহ তেনেই সাধাৰণ বুলি উল্লেখ কৰি ক্ষন্তেকীয়া ক্ষোভৰ বাবেই তেওঁ পদত্যাগৰ সিদ্ধান্ত লৈছে বুলি মন্তব্য কৰে।

বসুমতাৰীৰ অভিযোগ সন্দৰ্ভত দলৰ মজিয়াত আলোচনা কৰি ইয়াৰ মিমাংসা কৰা হ’ব বুলিও লুৰীণজ্যোতি গগৈয়ে উল্লেখ কৰে।

তেওঁ লগতে চিত্তৰঞ্জন বসুমতাৰীয়ে পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি আশা প্ৰকাশ কৰে।

Related News