NORTHEAST NOW (Assamese)
অসম

আজি পবিত্ৰ বৰদিন,কলিয়াবৰতো উখল মাখল পৰিবেশ

Posted by: ৰিদিপ শৰ্মা,কলিয়াবৰ Updated by: ৰিদিপ শৰ্মা,কলিয়াবৰ December 25, 2021 2:03 pm

আজি পবিত্ৰ বৰদিন। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ পৱিত্ৰ বৰদিনক কেন্দ্ৰ কৰি চাৰিওফালে উখল মাখল পৰিবেশ বিৰাজ কৰিছে ।

কলিয়াবৰৰো বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলে উলহ মালহেৰে বৰদিন পালন কৰিছে।

কলিয়াবৰৰ ১৯২২ চনতে স্থাপন কৰা হাতীগাওঁ চাহ বাগিচাৰ পুৰণি গীৰ্জাটো বৰদিন উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে।
আনহাতে ২০২২ চনত শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰিব এই গীৰ্জাত।

আজিৰ এই পৱিত্ৰ বৰদিনৰ দিনা স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উপস্থিত হৈ সকলো খ্ৰীষ্টান ধৰ্মাৱলী লোকসকলক বৰদিনৰ শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক শতবৰ্ষ অনুষ্ঠানৰ মূল প্ৰৱেশদ্বাৰৰ ফিটা কাটি পথৰ শুভাৰম্ভ কৰে।