NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন

Posted by: ফাৰহানা আহমেদ Updated by: ফাৰহানা আহমেদ December 31, 2019 7:10 am
Story-10-8-1140x570

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বা কা ৰ বিৰুদ্ধে সোমবাৰে উত্তৰ লখিমপুৰত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে।

চুতীয়া ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাই আয়োজন কৰা অনশন কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হয়।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সদস্যৰ উপৰি বিভিন্ন শ্ৰেণীৰ লোকে এই ২৪ ঘন্টীয়া অনশনত যোগদান কৰে আৰু ইয়াৰ নেতৃত্বত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সম্পাদক অমৃত দাস।

ইয়াৰ পূৰ্বে ৰাতিপুৱা লালুকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লালুকত কা বিৰোধী এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

এই প্ৰতিবাদী সমদলত শ্ৰীমন্ত শংকৰদেৱ সংঘ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনীস সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা, আছা আৰু কৃষক মুক্তি সংগ্ৰাম পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ সদস্যই অংশ গ্ৰহণ কৰে।

অংশগ্ৰহণকাৰীসকলে কা বিৰোধী আন্দোলনৰ ছয় গৰাকী চহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সংসদত কা গৃহীত কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও শনিবাৰে নাৰায়নপুৰত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।