NORTHEAST NOW (Assamese)
অসম

কাৰাগাৰৰ ভিতৰতে ৰাকেশ পালক জেৰা চি আই ডিৰ

Posted by: এন ই নাও নিউজ October 16, 2018 8:41 am
assam-1-570x320-750x375

অসম লোকসেৱা আয়োগৰ অপসাৰিত অধ্যক্ষ ৰাকেশ পালক তেওঁৰ বিৰুদ্ধে অলপতে ৰুজু হোৱা এক দুৰ্নীতিৰ গোচৰত সোমবাৰে চি আই ডিৰ এটা দলে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰতেই জেৰা কৰে। প্ৰায় দুঘন্টা সময় জেৰা চলোৱা চি আই ডিয়ে পালক দুই এদিনতে পুনৰ জেৰা কৰিব।

উল্লেখযোগ্য যে ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ লিখিত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ বাবদ ধ্ৰুৱজ্যোতি বৈশ্য নামৰ এজন প্ৰাৰ্থীৰ পৰা পালে ১০ লাখ টকা উৎকোচ লৈছিল। এগৰাকী মধ্যস্থতাকাৰীৰ জৰিয়তে ধন লোৱাৰ পিছতো উক্ত প্ৰাৰ্থীজন লিখিত পৰীক্ষাত উত্তীৰ্ণ নহ’ল।

এই সন্দৰ্ভত ৰাকেশ পালৰ বিৰুদ্ধে চি আই ডিয়ে নতুন এটা গোচৰ ৰুজু কৰাৰ পিছত সোমবাৰে কাৰাগাৰত থকা পালক আদালতৰ অনুমতি সাপেক্ষে জেৰা কৰে। ৰাকেশ পালৰ বিৰুদ্ধে ডিব্ৰুগড় আৰক্ষী আৰু ভঙাগড় থানাত আন এটা গোচৰৰ তদন্ত চলি থকাৰ মাজতে এই নতুন গোচৰটো ৰুজু কৰা হৈছে।

জানিব পৰা মতে চি আই ডিৰ জেৰাত ৰাকেশ পালে চি আই ডিৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা বিৰত থকাৰ উপৰি ধ্ৰুৱজ্যোতি বৈশ্য নামৰ প্ৰাৰ্থীজনক চিনি পোৱাৰ কথা অস্বীকাৰ কৰিছে। সেয়েহে শীঘ্ৰেই চি আই ডিয়ে বিতং তথ্যৰ সন্ধানত ৰাকেশ পালক পুনৰ জেৰা কৰিব।

ইতিমধ্যে ৰাকেশ পালে ডিব্ৰুগড় আৰক্ষীৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ পিছত কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিত ভঙাগড় থানাত ৰুজু হৈ থকা গোচৰত জামিন বিচাৰি কৰা আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত বিবেচনাধীন হৈ আছে।

এতিয়া ভঙাগড় থানাৰ গোচৰত জামিন লাভ কৰিলেও চি আই ডিয়ে নতুনকৈ গোচৰ ৰুজু কৰাত ৰাকেশ পাল মুকলি আকাশৰ তললৈ ওলাই অহাটো জটিল হৈ পৰিছে।