NORTHEAST NOW (Assamese)
অসম

এছ আই কেলেংকাৰীত জড়িত দেৱৰাজ দাসৰ পত্নীক লগত লৈ বৰপেটাৰ বেংক অফ বৰোদাত চি আই ডিৰ অভিযান

Posted by: পুলেন্দ্ৰ দাস Updated by: পুলেন্দ্ৰ দাস October 16, 2020 9:34 pm

ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰা এছ আই পৰীক্ষা কেলেংকাৰীৰ সৈতে জড়িত বৰপেটা চহৰৰ গান্ধীনগৰৰ দেৱৰাজ দাসৰ বাসগৃহত বিগত ১০ অক্টোবৰৰ পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ১ কৌটি ৮৩ লাখ ৫৫ হাজাৰ ৭৪০ টকা জব্দ কৰাৰ লগতে দেৱৰাজ দাসক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

ভাৰতীয় ৰে’লৱে বিভাগৰ কৰ্মচাৰী দেৱৰাজ দাস এছ আই পৰীক্ষা কেলেংকাৰীৰ সৈতে জড়িত থকাৰ প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ পাছতেই দেৱৰাজ দাসৰ ক’ত কিমান ধন আৰু সম্পত্তি আছে তাৰ অনুসন্ধান আৰম্ভ কৰে ৷

দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনক লগত লৈ আজি চি আই ডিৰ দল আৰু আৰক্ষীৰ এটা দলে বৰপেটা চহৰৰ বেংক অফ বৰোদাত অভিযান চলায় ৷

বেংকটোত দেৱৰাজ দাসৰ পত্নী তুলিকা বৰ্মনৰ নামত থকা লকাৰত কি কি আছে তাৰ অনুসন্ধান কৰে তদন্তকাৰী দলটোৱে ৷

তদন্তকাৰী দলটোৱে দেৱৰাজ দাসৰ পত্নীক লগত লৈ বেংক অফ বৰোদাত অভিযান চলায় ৷

প্ৰায় চাৰে পাঁচ ঘন্টা বেংক অফ বৰোদাত চি আই ডিয়ে অভিযান চলায় ৷ তদন্তৰ খাতিৰত তদন্তকাৰী দলটোৱে সবিশেষ কোৱা নাই যদিও বিশেষ সূত্ৰে জানিব পৰা মতে তুলিকা বৰ্মনৰ নামত থকা লকাৰত নগদ ধন প্ৰায় ৪৬ লাখ টকা আৰু প্ৰায় ৯২০ গ্ৰাম সোণ উদ্ধাৰ কৰা হয় ৷

এই সোণৰ মূল্য প্ৰায় ৪২ লাখ টকা হ’ব ৷ বৃহৎ পৰিমাণৰ ধনসহ যোৱা ১০ অক্টোবৰত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দেৱৰাজ দাস কিদৰে অগাধ সম্পত্তিৰ গৰাকী হ’ল তাক লৈ এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷