NORTHEAST NOW (Assamese)

প্ৰতিবাদ-বিতৰ্কৰ মাজতে উঃপূঃ কয়লাক্ষেত্ৰত সকলো খনন বাতিলৰ নিৰ্দেশ ক’ল ইণ্ডিয়া লিমিটেডৰ

June 6, 2020 10:23 pm · এন ই নাও নিউজ
Updated: June 6, 2020 10:24 pm
প্ৰতীকী ছবি।

দিহিং-পাটকাইত কয়লা খননক লৈ চলিত বিতৰ্ক আৰু প্ৰতিবাদৰ মাজতে ক’ল ইণ্ডিয়া লিমিটেডে উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাত সকলো খনন বাতিলৰ নিৰ্দেশ দিছে।

উত্তৰ-পূব কয়লাক্ষেত্ৰ, মাৰ্ঘেৰিটাৰ মহাপ্ৰবন্ধকে এই সন্দৰ্ভত ৩ জুনত এক নিৰ্দেশ জাৰি কৰিছে।

“উপযুক্ত কৰ্তৃপক্ষৰ অনুমোদনমৰ্মে উত্তৰ-পূব কয়লাক্ষেত্ৰ, ক’ল ইণ্ডিয়া লিমিটেড, মাৰ্ঘেৰিটাৰ সকলো খনন অভিযান জুন ৩,২০২০ৰ পৰা কাৰ্য্যকৰী হোৱাকৈ ইয়াৰদ্বাৰা সাময়িকভাৱে বাতিল কৰা হৈছে,” নিৰ্দেশটোত কোৱা হৈছে।

নিৰ্দেশটোত লগতে কোৱা হৈছে যে ইতিমধ্যে মজুত কয়লা সম্পূৰ্ণৰূপে শেষ নোহোৱা পৰ্য্যন্ত বৰ্তমানে মজুত কয়লাৰ পৰিসমাপন (liquidation) চলি থাকিব।

প্ৰকৃতিপ্ৰেমীকে ধৰি বিভিন্ন ব্যক্তি-দল-সংগঠনে শেহতীয়াকৈ দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বিৰোধিতা কৰি আহিছে।

এই সন্দৰ্ভত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চৰজমিন তদন্ত কৰি প্ৰতিবেদন দাখিলৰ বাবে বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক নিৰ্দেশ দিছিল।

নিৰ্দেশটোৰ প্ৰতিলিপি।

বন মন্ত্ৰী শুক্লবৈদ্যই ইতিমধ্যে দিহিং-পাটকাই পৰিদৰ্শন কৰিছে।

ইফালে, দিহিং-পাটকাইত কয়লা খনন বন্ধৰ আহ্বানেৰে দাখিল কৰা দুখন লেখ আৱেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে গ্ৰহণ কৰিছে।

আদালতে এই সম্বন্ধীয় শুনানিত কয়লা খনন সন্দৰ্ভত কোনো অন্তৱৰ্তীকালীন নিৰ্দেশ দিয়া নাই।

কিন্তু আদালতে এই সম্বন্ধীয় প্ৰাসংগিক সকলো নথি-পত্ৰ আদালতত দাখিল কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে।

Related News