NORTHEAST NOW (Assamese)
অসম

টীয়কত ৩৩৬.৭২ হেক্টৰ খেতি মাটি আৰু ১৯৮৮ টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক July 12, 2020 7:19 pm

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ অঞ্চলত অব্যাহত আছে বানপানীৰ বিভীষিকা। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজি বিয়লি পৰ্যন্ত টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১৯ খন গাঁৱৰ লগতে ৩৩৬.৭২ হেক্টৰ খেতি মাটি আৰু ১৯৮৮ টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে।

টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাই আজি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান সাহায্য দিয়াৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিয়ে।

ইতিমধ্য টীয়ক ৰাজহ চক্ৰৰ বানাক্ৰান্ত ৰাইজৰ বাবে ১৮৮.৪০ কুইন্টল চাউল, ৩২.৪৯ কুইন্টল দাইল আৰু ৯.৯ কুইন্টল নিমখ বান সাহায্যৰ বাবে আৱণ্টন দিয়া হৈছে আৰু বিতৰণ অব্যাহত আছে বুলি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ পৰা জানিব পৰা গৈছে।

আনহাতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি টীয়ক ৰাজহ চক্ৰৰ অৰ্ন্তগত বানাক্ৰান্ত অঞ্চল সমূহত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগসহ ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত অঞ্চল সমূহত তৎকালীনভাৱে বান সাহায্য, শিশু খাদ্য ,পশু খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।