NORTHEAST NOW (Assamese)

গুৱাহাটী বিমান বন্দৰত ৮০ উৰ্দ্ধৰ বিশেষভাৱে সক্ষম মহিলাক তালাচীৰ নামত উলংগ কৰিলে CISF এ

March 24, 2022 4:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 24, 2022 4:29 pm

গুৱাহাটী বিমানবন্দৰত কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী চমুকৈ CISF ৰ নিৰ্যাতনৰ সন্মুখীন হৈছে এগৰাকী ৮০ বছৰীয়া মহিলা। বিশেষভাৱে সক্ষম নগা মহিলাগৰাকীক তালাচী চলোৱাৰ নামত শৰীৰৰ সকলো কাপোৰ খুলিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপিত হৈছে।

দিল্লী ভ্ৰমণৰ উদ্দেশ্যে যোৱা মহিলাগৰাকী তেওঁৰ নাতিসহ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিৰাপত্তা পৰীক্ষাৰ সময়ত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

যোৱা বছৰ হিপ ৰিপ্লেচমেণ্ট অস্ত্ৰোপচাৰ কৰা মালো কিকন নামৰ মহিলাগৰাকী গ’এয়াৰ বিমানেৰে দিল্লীলৈ যাত্ৰা কৰাৰ উদ্দেশ্যে গুৱাহাটী বিমান বন্দৰত উপস্থিত হৈছিল।

CISF ৰ এগৰাকী মহিলা বিষয়াই কিকনে বাৰে বাৰে হিপ ইমপ্লাণ্ট আছে বুলি কোৱাৰ পিছতো তেওঁৰ অন্তৰ্বাস আৰু ডায়েপাৰকে ধৰি তেওঁৰ সকলো কাপোৰ খুলিবলৈ বাধ্য কৰায়।

মালো কিকনৰ জীয়ৰী তথা নাগালেণ্ডৰ এগৰাকী প্ৰখ্যাত নৃতত্ত্ববিদ ডলী কিকনে কেইবাটাও টুইটযোগে গুৱাহাটী বিমানবন্দৰত তেওঁৰ বিকলাঙ্গ মাতৃয়ে সন্মুখীন হোৱা এনে অভাৱনীয় পৰিস্থিতিৰ বিষয়ে ৰাজহুৱা কৰে।

“এইয়া ঘৃণনীয়! মোৰ বছৰীয়া বিকলাঙ্গ মাতৃ তেওঁৰ অন্তৰ্বাস খুলি উলংগ হ’বলৈ বাধ্য হৈছিল। কিয়? কিয়?” কিকনে এটা টুইটত কয়।

 

তেওঁ লগতে অভিযোগ কৰে যে CISFৰ নিৰাপত্তাকৰ্মীয়ে ঘটনাটোৰ বিৰুদ্ধে কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰাৰ বাবে কিকনৰ লগত যোৱা নাতিয়েকক হাৰাশাস্তি কৰিছিল।

সামাজিক মাধ্যমত এনেদৰে ক্ষোভ প্ৰকাশ কৰাৰ পিছত গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে ডলী কিকনৰ ওচৰত ক্ষমা বিচাৰিছে।

 

আনহাতে ঘটনা সন্দৰ্ভত মন্তব্য কৰাৰ পৰা বিৰত আছে CISF ৰ বিষয়াসকল।

Related News