NORTHEAST NOW (Assamese)
অসম

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান ধুবুৰী–ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামাংকিত কৰক : দাবী জুবিন অনুৰাগীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 23, 2025 8:49 pm
ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান ধুবুৰী–ফুলবাৰী সংযোগী দলংখন জুবিন গাৰ্গৰ নামেৰে নামাংকিত কৰক : দাবী জুবিন অনুৰাগীৰ

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিয়মান ধুবুৰী-ফুলবাৰী দলংখন জুবিন গাৰ্গৰ নামত নামাংকিত কৰিবলৈ দাবী জনাইছে জুবিন অনুৰাগীয়ে।

সোমবাৰে সন্ধিয়া ধুবুৰীৰ গুৰু টেগ বাহাদুৰ ৰোডৰ সমীপত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত স্থানীয় লোকসকলে ধুবুৰী-ফুলবাৰী দলংখন জুবিন গাৰ্গৰ নামত নামাংকিত কৰিবলৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণক আহ্বান জনায়।

সমাজ কৰ্মী ৰেজ্জাক খানে আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন শ্ৰেণীৰ লোকে অংশগ্ৰহণ কৰে। উপস্থিতসকলে চাকি-বন্তি জ্বলাই ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক উদ্দেশ্যি এখন স্মাৰক পত্ৰত স্বাক্ষৰ কৰি দলংখন জুবিন গাৰ্গৰ নামত নামকৰণ কৰাৰ দাবী জনায়।

ৰেজ্জাকে লগতে কয় যে জুবিন গাৰ্গৰ জন্ম হৈছিল মেঘালয়ৰ তুৰাত। ধুবুৰী-ফুলবাৰী সংযোগী দলং খন তেওঁৰ নামত নামকৰণ কৰিলে তেওঁৰ জন্মভূমি মেঘালয় আৰু গৃহৰাজ্য অসম, দুইখন ঠাই তেওঁৰ নামেৰেই সংযোগ হৈ থাকিব।