NORTHEAST NOW (Assamese)
অসম

দুই শতাধিক গছ কাটি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা গড়কপ্তানি বিভাগৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 10, 2019 12:09 pm
800f2ee3-ffaf-466a-be93-8a9792ab7c63

গুৱাহাটীৰ ভৰলুস্থিত শংকৰদেৱ উদ্যান আৰু আজান পীৰ উদ্যানৰ দুই শতাধিক গছ কাটি ভৰলুমুখ-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা কৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন গড়কপ্তানি বিভাগে।

ইতিমধ্যে কৰ্তন কৰিবলগীয়া গছসমূহত নম্বৰ ফলক লগোৱা হৈছে।

গড়কপ্তানি বিভাগে উন্নয়নৰ নামত বৃহৎ পৰিমাণৰ গছ কৰ্তন কৰাৰ সিদ্ধান্তৰ ঘোৰ বিৰোধিতা কৰিছে পশ্চিম গুৱাহাটী নাগৰিক সজাগতা মঞ্চই।

দেওবাৰে মঞ্চৰ উদ্যোগত শংকৰদেৱ উদ্যানৰ সন্মুখত অনুষ্ঠিত হয় এক মানৱ শৃংখল কাৰ্য্যসূচী।

ভৰলুমুখ অঞ্চলটোৰ শতাধিক কণ-কণ শিশু, জ্যেষ্ঠ নাগৰিকে হাতে হাতে ‘গছ ৰক্ষা কৰক’, ‘নদীৰ পাৰ সুৰক্ষিত কৰক’ ‘পৰিৱেশৰ ক্ষতি নোহোৱাকৈ দলং নিৰ্মাণ কৰক’ ইত্যাদি বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

উক্ত মানৱ শৃংখল অনুষ্ঠানত অংশগ্ৰহণ কৰি জ্যেষ্ঠ নাগৰিক ৰমেন চৌধুৰীয়ে নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘দলং নিৰ্মাণৰ নামত গছ ধ্বংস কৰাটো অমূলক। দলংখন আমাৰ খুবেই দৰকাৰ। দলংখন হ’ব লাগে, কিন্তু দলঙৰ নামত প্ৰকৃতি ধ্বংস কৰাটো খুবেই দুখৰ কথা হ’ব। এডাৰ দুডাল গছ নহয়, প্ৰায় ২৫০ গছ কাটিব ওলাইছে।‘

‘গড়কপ্তানি বিভাগে ডিপিআৰ প্ৰস্তুত কৰাৰ পূৰ্বে স্থানীয় ৰাইজৰ সৈতে কথা পাতি ল’ব লাগিছিল। গছ কাটি শংকৰদেৱ উদ্যানখন ধ্বংস কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে বহুত বিপদে দেখা দিব। গছ ৰোপন কৰাটোহে আমাৰ দায়িত্ব, গছ কটাটো আমাৰ দায়িত্ব নহয়। বিজ্ঞানসন্মতভাৱে দলংখন নদীৰ বুকুৰ ফালে কিছুদূৰ লৈ গ’লে গছসমূহ ৰক্ষা পৰিব,‘-তেওঁ লগতে কয়।