NORTHEAST NOW (Assamese)

প্ৰতিবাদী কণ্ঠক নেওচি ১০ জানুৱাৰিৰ পৰা দেশত বলৱৎ হ’ল নাগৰিকত্ব (সংশোধন) আইন

January 11, 2020 8:19 am · এন ই নাও নিউজ
Updated: January 11, 2020 12:24 pm

সমগ্ৰ দেশ তথা ৰাজ্যত ‘কা’ বাতিলৰ দাবীত বিভিন্ন দল-সংগঠন, ছাত্ৰ সমাজ, শিল্পী সমাজ আদিয়ে প্ৰতিবাদ কৰি আহিছে। কিন্তু এনে ধৰণৰ প্ৰতিবাদলৈ কোনো ধৰণৰ কেৰেপ নকৰি তথা ‘কা’ বিৰোধী প্ৰতিবাদক নেওচি শুকুৰবাৰ অৰ্থাৎ ১০ জানুৱাৰিৰ পৰা বলৱৎ হ’ল নাগৰিকত্ব (সংশোধন) আইন।

গৃহ মন্ত্ৰালয়ে এক জাননী জাৰি কৰি এই কথা ঘোষণা কৰিছে। জাৰি কৰা জাননীত উল্লেখ কৰিছে যে কেন্দ্ৰীয় চৰকাৰে, নাগৰিকত্ব (সংশোধন) অধিনিয়ম, ২০১৯ (২০১৯ৰ ৪৭)ৰ ধাৰা ১ৰ উপধাৰা (২)ৰ দ্বাৰা প্ৰাপ্ত ক্ষমতাৰ প্ৰয়োগ কৰি ১০ জানুৱাৰী, ২০২০ক সেই দিনৰূপে ধাৰ্য কৰিছে য’ত উক্ত অধিনিয়মৰ নিয়ম প্ৰযোজ্য হ’ব।

আনহাতে ‘কা’ বলৱৎ হোৱাৰ লগে লগে ক্ষোভত ফাটি পৰিছে ৰাজ্যৰ সমূহ দল-সংগঠন। আজি ৰাজ্যজুৰি আছুৱে বাহিৰ কৰিব জোঁৰ সমদল। ইফালে ‘কা’ বলৱৎ হোৱাৰ লগে লগে নিশায়ে কটনিয়ান সকলে প্ৰতিবাদ সাব্যস্ত কৰে।

Related News