NORTHEAST NOW (Assamese)

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ

December 24, 2018 9:27 pm · এন ই নাও নিউজ
নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ নেতৃত্ব। ফাইল ফটো : ইউ বি

কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ। বিদেশী হিন্দু অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰই জাৰি কৰা তিনিখন জাননি খাৰিজ কৰিবলৈ মঞ্চৰ হৈ ড০ হীৰেন গোঁহাই, হৰেকৃষ্ণ ডেকা আৰু মনজিৎ মহন্তই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে।

শেহতীয়াভাৱে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা লোকৰ সংস্থাপনৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা তিনিখন জাননিক প্ৰত্যাহ্বান জনাই মঞ্চই সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

আৱেদনকাৰী কেইজনে কেন্দ্ৰই জাৰি কৰা এই তিনিখন জাননি ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী আৰু ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ বিৰোধী বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে যোৱা ১ ডিচেম্বৰত গুৱাহাটীত এখন সংবাদমেলত অসমৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰিছিল বুদ্ধিজীৱী হীৰেন গোহাঁই নেতৃত্বাধীন নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চই।

উক্ত সংবাদমেলত ড০ গোহাঁইয়ে বিধেয়কখনৰ পৰা  ‘বাংলাদেশ’ৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছতো অসমত বিৰোধিতা নোহোৱাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে  অসমৰ আন্দোলনক ভয় কৰি তথা অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ বাংলাদেশৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ আহিছে।

তদুপৰি, বাংলাদেশৰ নামটো বিধেয়কৰ পৰা বাদ দিলেও অসমীয়াৰ আন্দোলন তথা ক্ষোভ সেইবোৰৰ কোনো অৰ্থ নাথাকিব বুলি তেওঁ মন্তব্য কৰিছিল। গোহাঁইয়ে স্পষ্ট কৰি দিছিল যে ‘অসমবাসীৰ প্ৰতিবাদৰ প্ৰধান কাৰণ আছিল এইটোৱেই যে বিধেয়কখনে ভাৰতৰ  ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব।’

চৰকাৰে বিধেয়কখনৰ বিৰুদ্ধে অসমত প্ৰবল জনমত গঢ়ি উঠাৰ মাজতে তিনিখন জাননি জাৰি কৰি ধৰ্মীয় অত্যাচাৰৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা বিদেশী লোকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল।

নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চই আজি এই তিনিখন জাননিক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ইয়াক খাৰিজ কৰাৰ বাবে আবেদন জনায়।

Related News