NORTHEAST NOW (Assamese)
অসম

বিধেয়কৰ বিৰুদ্ধে কলিয়াবৰত জোঁৰ সমদল অগপৰ

Posted by: ৰিদিপ শৰ্মা January 18, 2019 8:11 pm
Citizenship bill: AGP torch rally in Assam's Kaliabor

সমগ্ৰ ৰাজ্যত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ মাজতে শুক্ৰবাৰে সন্ধিয়া হাতত জোঁৰ লৈ অগপৰ আহ্বানত কলিয়াবৰৰ জখলাবন্ধত বিধেয়কখনৰ বিৰুদ্ধে ওলাই আহে  প্ৰায় পাঁচ শ লোক।

অগপ দলৰ এই সমদলত স্থানীয় আৰু কেইবাটাও দল-সংগঠনে অংশগ্ৰহণ কৰি  “অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল হুচিয়াৰ, বিজেপি গ’ বেক, এই চৰকাৰৰ কাম নাই , জয় আই অসম, এই জুই জ্বলিছে জ্বলিবই” আদি চৰকাৰ আৰু বিজেপি বিৰোধী শ্লোগানেৰে কঁপাই তোলে অতি ব্যস্ত জখলাবন্ধাৰ মাজ মজিয়াৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

প্ৰতিবাদত কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, প্ৰাক্তন উদ্যোগ মন্ত্ৰী গুণীন হাজৰিকাৰ লগতে কলিয়াবৰৰ কেইবাজনো জ্যেষ্ঠ নাগৰিক আৰু সচেতন ৰাইজে অংশ গ্ৰহণ কৰে।