NORTHEAST NOW (Assamese)
অসম

বিজেপি চৰকাৰৰ বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ হীৰেন গোহাঁই নেতৃত্বাধীন মঞ্চ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 1, 2018 8:59 pm
Dr. Hiren Gohain Chairman forum Against Citizenship Act Amendment Bill addressing a Press Conference at Guwahati Press Club on 01-12-18.Pix by UB Photos

অসমৰ খিলঞ্জীয়াৰ ব্যাপক বিৰোধৰ সন্মুখীন হোৱা বিজেপি চৰকাৰ উত্থাপিত নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুদ্ধিজীৱী হীৰেন গোহাঁই নেতৃত্বাধীন নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ।

‘নাগৰিকত্ব সংশোধনী বিধেয়কৰ পৰা বাংলাদেশৰ নামটো বাদ দিয়াতো ‘টাইম ব’মৰ লেখীয়া কথা।‘ আজি গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলত এই মন্তব্য কৰিছে বুদ্ধিজীৱী হীৰেন গোহাঁয়ে।

উল্লেখযোগ্য যে, ৰাজ্যসভাৰ কংগ্ৰেছী সাংসদ ভুৱনেশ্বৰ কলিতাই বাংলাদেশক বিধেয়কখনৰ পৰা বাদ দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল। তাৰ পাছতেই এই প্ৰস্তাৱৰ ঘোৰ বিৰোধিতা কৰে নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চৰ অধ্যক্ষ গোহাঁয়ে।

উক্ত সংবাদমেলতে গোহাঁয়ে বিধেয়কখনৰ পৰা কেৱল ‘বাংলাদেশ’ৰ নামটো বাদ দিয়াৰ প্ৰস্তাৱ দিয়াৰ পাছতো অসমত বিৰোধিতা নোহোৱাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে।

তেওঁ কয় ‘এই প্ৰস্তাৱ অনা কথাটো যদি সঁচা হয়, তাৰ পাছতো যদি কোনেও প্ৰতিবাদ কৰা নাই, তেন্তে ই বৰ বিপদজনক হ’ব।‘

আনহাতে, বাংলাদেশক যদি বিধেয়কৰ পৰা বাদ দিয়া যায়, তাৰ কোনো আইনসংগত যুক্তি বিধেয়কখনত নাই বুলি তেওঁ উক্ত সংবাদমেলত কয়।

গোহাঁইৰ অভিযোগ, ‘আজি অসমৰ আন্দোলনক ভয় কৰি তথা অসমৰ ৰাইজক আশ্বস্ত কৰিবলৈ বাংলাদেশৰ নামটো বাদ দিছে।’

ইয়াৰোপৰি, বাংলাদেশৰ নামটো বিধেয়কৰ পৰা  বাদ দিলেও অসমীয়াৰ আন্দোলন তথা ক্ষোভ সেইবোৰৰ কোনো অৰ্থ নাথাকিব বুলি তেওঁ মন্তব্য কৰে।

গোহাঁইৰ মতে, ‘অসমবাসীৰ প্ৰতিবাদৰ প্ৰধান কাৰণ আছিল এইটোৱেই যে বিধেয়কখনে ভাৰতৰ  ধৰ্ম নিৰপেক্ষতাত আঘাত হানিব।’

তদুপৰি, ‘নাগৰিকত্ব’ ধৰ্মৰ ভিত্তিত দিলে সংবিধানৰ ধৰ্ম নিৰপেক্ষতাকো আঘাত হানিব বুলিও তেওঁ সংবাদমেলত সদৰী কৰে।

গোহাঁয়ে অসমৰ সমূহ দল-সংগঠন তথা জনসাধাৰণক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰাম অটুট ৰাখিবৰ বাবে সংবাদমেলৰ জৰিয়তে আহ্বান জনায়।

আনহাতে, উক্ত সংবাদমেলতে উপস্থিত থকা মঞ্চৰ আহ্বায়ক মনজিৎ মহন্তই কয় ‘‘বাংলাদেশ’ক বাদ দিলে অসম ৰক্ষা নপৰে তথা ধৰ্ম নিৰপেক্ষতাতো আঘাত হানিব। গতিকে এই কথা কোনোপধ্যে মানি ল’ব নোৱাৰি।‘

তদুপৰি যুটীয়া সংসদীয় কমিটিত বিজেপি দলৰ সদস্য বেছিকৈ থকা বুলি উক্ত সংবাদমেলত উল্লেখ কৰে মনজিৎ মহন্তই। তেওঁৰ মতে ‘যুটীয়া সংসদীয় কমিটিত বিজেপিৰ সাংসদৰ সংখ্যা বেছি, গতিকে তেওঁলোকে বিধেয়কৰ সমৰ্থনত ভোটদান কৰি প্ৰতিবেদনৰ চূড়ান্ত ৰূপ দিব।‘

উক্ত সংবাদমেলতে মঞ্চৰ অন্য এগৰাকী সদস্য তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া হৰেকৃষ্ণ ডেকাই সংবাদমেলত কয় ‘নাগৰিকত্ব সংশোধনী বিধেয়কখন সংবিধানৰ ১৪ নং অনুচ্ছেদ বিৰোধী।‘

তদুপৰি ‘বিজেপিৰ নেতাসকল বাৰু হিন্দুত্ববাদী‘ এইবুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘কিন্তু বিৰোধী লোকসকলে ইয়াৰ প্ৰধানকৈ বিৰোধিতা কৰিব লাগিছিল। অসমৰ সাংসদসকলে এই কথাটো বুজি পাব লাগিছিল যে বিধেয়কখনে অসমলৈ বিদেশী অহাৰ বাট মুকলি কৰি দিছে।‘

তেওঁ লগতে কয়, ‘ভাৰতৰ ধৰ্ম নিৰপেক্ষতা চৰিত্ৰটোকে আঘাত হানিব।‘