NORTHEAST NOW (Assamese)
অসম

জয় আই অসম: এইবাৰ খাদ্যৰ পেকেটতো বিধেয়ক বিৰোধী ‘সৰ্বাত্মক’ প্ৰতিবাদ!

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক November 1, 2018 4:39 pm
Citizenship Bill: Protest slogan gets place on biryani packs in Assam

বিজেপি নেতাৰ বাহিৰে নাগৰিকত্ব বিধেয়ক বিৰোধিতা কৰিবলৈ অসমত আৰু যেন বাকী ৰোৱা নাই কোনো খিলঞ্জীয়া! ‘সৰ্বাত্মক’ প্ৰতিবাদ প্ৰতিধ্বনিত কৰি গুৱাহাটীত এইবাৰ বিৰিয়ানিৰ পেকেটতো জিলিকিছে বিধেয়কবিৰোধী শ্ল’গান।

‘‘আমি নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ সম্পূৰ্ণভাৱে বিৰোধিতা কৰিছো। প্ৰকৃত অসমীয়া হিচাপে আপুনিও কৰক। জয় আই অসম,’’ দেৱালৰ লিখনৰ দৰে এই শ্ল’গান জিলিকিছে গুৱাহাটীৰ এম ডি বিৰিয়ানি হাউছ নামৰ ৰেস্তোৰাঁখনৰ খাদ্যৰ পেকেটত।

ব্যৱসায়ৰ যোগেদিয়ে জাতীয় দায়বদ্ধতা পূৰণৰ বাবে এই পদক্ষেপ লৈছে জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদস্থিত ব্যৱসায়িক প্ৰতিস্থানটোৰ স্বত্বাধিকাৰী গোলাঘাটৰ উদ্যোগী যুৱক মেৰিলিন দত্তই।

‘‘বৰ্তমান বিজেপি চৰকাৰৰ পৰা আমাৰ জাতিটোলৈ অশনি সংকেত আহিছে। নাগৰিকত্ব বিধেয়ক গৃহীত হ’লে আমাৰ জাতিটোৱে সংকটত পৰিব। মই মোৰ ব্যৱসায়ৰ জৰিয়তেই বিধেয়কখন যাতে গৃহীত নহয় তাৰ বাবে ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা কৰি আছো,’’ নৰ্থ ইষ্ট নাও-ক জনালে মেৰিলিনে।

একেটাই শ্ল’গান বিধেয়কবিৰোধী ব্যক্তিগত ঘোষণাৰূপে অসমৰ বিভিন্ন ব্যক্তিয়ে দীৰ্ঘদিনধৰি নিজৰ ফে’চবুকৰ প্ৰফাইল ছবিটো সংলগ্ন কৰি আহিছে।

দত্তৰ ৰেস্তোৰাঁখনে ইয়াৰ পূৰ্বেও অসমীয়া চলচ্চিত্ৰ, কিতাপ আদিৰো এইদৰে প্ৰচাৰ চলাইছিল।