NORTHEAST NOW (Assamese)
অসম

বান সহায্য সংগ্ৰহৰ নামত জোৰ-জুলুম কৰা সকলৰ বিৰুদ্ধে কঠোৰ মহানগৰ প্ৰশাসন; প্ৰয়োজনত ল’ব আইনী ব্যৱস্থা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 24, 2019 5:55 pm
WhatsApp Image 2019-07-24 at 4.45.59 PM

কামৰূপ মহানগৰ প্ৰশাসন কঠোৰ হৈছে বান সাহায্য সংগ্ৰহৰ ক্ষেত্ৰত। এতিয়াৰ পৰা বান সাহায্যৰ নামত ৰাইজক কোনেও জোৰ-জুলুম কৰিব নোৱাৰিব।

সংবাদ মাধ্যমলৈ বুধবাৰে প্ৰেৰণ কৰা এক নিৰ্দেশনা যোগে কামৰূপ(মেট্ৰো)ৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে কয় “বানপীড়িত অঞ্চলৰ অসহায় লোকসকলক সাহায্য প্ৰদানৰ নাম লৈ এচাম লোক আৰু সংগঠনে ৰাইজৰ পৰা জোৰ-জুলুমকৈ ধন, বৰঙণি সংগ্ৰহ কৰাৰ অভিযোগ মহানগৰ জিলা প্ৰশাসনে লাভ কৰিছে”।

এই ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰি মহানগৰ জিলা প্ৰশাসনে কয় “বান সাহায্য তথা আৰ্তজনৰ সেৱাৰ নাম লৈ কোনো ব্যক্তি বা সংগঠনে ৰাইজৰ পৰা জোৰ জুলুমকৈ যাতে ধন সংগ্ৰহ নকৰে।”

অসাধুভাৱে ধন তথা বৰঙণি সংগ্ৰহ কৰা ব্যক্তি নাইবা সংগঠনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হ’লে প্ৰয়োজনত আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিয়ে উপায়ুক্ত গৰাকীয়ে।

উল্লেখযোগ্য যে, চলিত বানপানীত অসমত প্ৰায় ২৬ লাখতকৈও অধিকলোক আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈ ৬৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

চৰকাৰে জিলা প্ৰশাসনৰ সহযোগত বান আক্ৰান্ত ৰাইজক সহায় কৰি অহাৰ লগতে বেচৰকাৰী সংস্থা তথা সংগঠনসমূহেও বন্যাক্ৰান্তক অহৰহ সহায় আগবঢ়াই আছে।