NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত চিটি বাছ দুৰ্ঘটনাগ্ৰস্ত : প্ৰায় ৩০ জন যাত্ৰী আহত

Posted by: কল্পজ্যোতি শইকীয়া August 20, 2018 7:02 am
bus accident

আজি পুৱতি নিশা প্ৰায় ৪ বজাত গুৱাহাটীৰ ডাউন টাউনৰ ট্ৰেফিক পইন্টৰ সমীপত এখন চিটী বাছ দুৰ্ঘটনাগ্ৰস্ত হয়। এ এছ ০১-জি চি ৬৭০৫ নম্বৰৰ শ্ৰী কৃষ্ণ নামৰ চিটী বাছখন খানাপাৰাৰ পৰা কাছাৰী অভিমুখে আহি থাকোতে দুৰ্ঘটনাটো সংঘটিত হয়।

জানিব পৰা মতে চিটী বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এজোপা চেগুণ গছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত হতাহতৰ সংখ্যা সম্পৰ্কত প্ৰত্যক্ষদৰ্শী লোক বিশেষ অৱগত নহয় যদিও দিচপুৰ আৰক্ষীয়ে জানিব দিয়া মতে প্ৰায় ৩০ জন যাত্ৰী আহত হৈছে।

bus accident.jpg 2
চেগুণ গছত খুন্দা মাৰি দুৰ্ঘটনাত পতিত হোৱা চিটী বাছখন। ফটো : নৰ্থইষ্ট নাও

দুৰ্ঘটনাটোত আহত হোৱা সকলক ততাতয়াকৈ ওচৰতে থকা জি এন আৰ চি হাস্পাতাললৈ প্ৰেৰণ কৰা হয়। বাতৰি সংগ্ৰহ কৰাৰ সময়লৈকে আহত লোকসকলৰ  পৰিচয় লাভ কৰিব পৰা হোৱা নাই।

দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ মালিকৰ নাম হৰেন বৰা বুলি জানিব পৰা গৈছে।

আনহাতে, ঘটনাৰ বিৱৰণী অনুসৰি আন এখন বিবাহ যাত্ৰীৰ গাড়ীয়ো একে দিশৰ পৰা আহি আছিল। উক্ত গাড়ীখনৰ বাওঁফালৰ আগৰ টায়াৰটো পাংচাৰ হোৱাত গাড়ীখন বাওঁফাললৈ গুচি অহাত পিছপিনৰ পৰা অহা আনখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই বাওঁফালে থকা চেগুণ গছ ডালত খুন্দা মাৰে।

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ আটাইকেইজন যাত্ৰী কম বেছি পৰিমাণে আহত হৈছে। এখনে বিবাহ যাত্ৰী কঢ়িয়াই অনাৰ বিপৰীতে আনখনে বলবম যাত্ৰী কঢ়িয়াই আনিছিল।

ইপিনে  দুৰ্ঘটনাটোত কিছু গুৰুতৰভাৱে আহতসকলক জি এম চি এইচলৈ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে। বিবাহ যাত্ৰী কঢ়িয়াই অনা বাহনখন বৰ্তমান দিচপুৰ থানাত ৰখা হৈছে যদিও আনখন গাড়ী উদ্ধাৰৰ বাবে দু’ঘন্টা ধৰি চেষ্টা চলাই থকা হৈছে।