NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ বাবে পিছুৱালে লোক সেৱা (প্ৰিলিমছ)-২০২০ পৰীক্ষা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 4, 2020 8:29 pm
ক’ৰ’নাৰ বাবে পিছুৱালে লোক সেৱা (প্ৰিলিমছ)-২০২০ পৰীক্ষা

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে ২০২০-ৰ ৩১ মে’ত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰিলিমিনাৰী পৰীক্ষা পিছুৱাই দিয়া হৈছে।

দ্বিতীয় পৰ্যায়ৰ ল’কডাউন সামৰণি পৰাৰ পাছৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে সোমবাৰে অনুষ্ঠিত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক’ৰ’নাৰ সংক্ৰমণ ৰোধৰ বাবে ১৭ মে’লৈ ল’কডাউন বৃদ্ধি কৰাৰ পাছত পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ’ব বুলি বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

২০ মে’ত পৰিস্থিতিৰ পুনৰ পৰ্যালোচনা কৰাৰ পাছত পৰৱৰ্তী নতুন তাৰিখৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে।

ভাৰতত বৰ্তমানলৈ ৪২,০০০ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ১২০০ ত কৈ অধিক লোকৰ মৃত্যু হৈছে।

৩ মে’ত ভাৰতীয় স্থল, বায়ু আৰু নৌ সেনা বাহিনীয়ে ক’ৰ’নাৰ বিৰুদ্ধে প্ৰথম শাৰীত থাকি যুদ্ধ কৰা চিকিৎসা কৰ্মীসকললৈ সন্মান প্ৰদৰ্শনেৰে চিকিৎসালয় সমূহত পুষ্প বৃষ্টি কৰে।