NORTHEAST NOW (Assamese)
দেশ

‘জুনিয়ৰ উকীল দাস নহয়, উপযুক্ত দৰমহা দিয়ক’: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2022 6:35 pm
CJI DY Chandrachud

ভাৰতৰ নৱনিযুক্ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে যোৱা শনিবাৰে বাৰ কাউন্সিলৰ জ্যেষ্ঠ সদস্যসকলক তেওঁলোকৰ কনিষ্ঠ উকীলসকলক ন্যায্য পাৰিশ্ৰমিক দিবলৈ আহ্বান জনায়। ভাৰতীয় বাৰ কাউন্সিলৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ে কয় যে কণিষ্ঠ উকীলসকলে যাতে এক মৰ্যাদাপূৰ্ণ জীৱন যাপন কৰিব পাৰে তাৰ বাবেই জ্যেষ্ঠ উকীলসকলে তেওঁলোকৰ কণিষ্ঠসকলক উপযুক্ত দৰমহা দিয়া উচিত।

ভাষণ প্ৰসংগত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে প্ৰশ্ন কৰি কয় যে “কিমান চিনিয়ৰে নিজৰ জুনিয়ৰক ভাল দৰমহা দিয়ে? কিছুমান যুৱ উকীলৰ চেম্বাৰো নাই য’ত তেওঁলোকক দৰমহা দিয়া হয়। আপুনি যদি দিল্লী, মুম্বাই, বাংগালুৰু বা কলকাতাত থাকে, তেন্তে অনুমান কৰক যুৱ উকীলসকলক জীৱন নিৰ্বাহৰ বাবে কিমান খৰচ হয়? তেওঁলোকে ভাড়া, পৰিবহণ ব্যয়কে আদি কৰি খাদ্যৰ যোগাৰ কৰাৰ কথাও থাকে।”

মুখ্য ন্যায়াধীশগৰাকীয়ে দৃঢ়তাৰে কয় যে এই পৰম্পৰা সলনি কৰিব লাগিব আৰু তেনে কৰাৰ দায়িত্ব বৃত্তিটোৰ জ্যেষ্ঠ সদস্য হিচাপে আমাৰ ওপৰতেই আছে।

ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব লোৱাৰ বাবে ভাৰতীয় বাৰ কাউন্সিলৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত মুখ্য ন্যায়াধীশগৰাকীয়ে লগতে কয়, “বহু দিন ধৰি আমি আমাৰ পেছাত এই যুৱক-যুৱতী(কণিষ্ঠ উকীল)ক দাস বা শ্ৰমিক হিচাপে গণ্য কৰি আহিছো, কাৰণ আমি এনেকৈয়ে এনে এটা পৰিৱেশত ডাঙৰ হৈছো।”

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জ্যেষ্ঠ উকীলসকলে কণিষ্ঠসকলৰ অত্যধিক কামৰ বোজা দি অহা সম্পৰ্কেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

উল্লেখ্য দেশৰ মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণৰ পিছতে ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ পৰা দেশবাসীয়ে ন্যায়িক দিশত যথেষ্ট প্ৰত্যাশা কৰিছে।

এগৰাকী প্ৰগতিশীল আৰু গণতান্ত্ৰিক চেতনাসম্পন্ন ন্যায়াধীশ বুলি নাম থকা মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জ্যেষ্ঠ উকীলসকলে তেওঁলোকৰ কণিষ্ঠ উকীলসকলৰ ওপৰত চলাই অহা অৰ্থনৈতিক আৰু কায়িক দমনৰ বিৰুদ্ধে মুকলিকৈ মাত মাতি তেওঁৰ সামাজিক আৰু পেচাদাৰী দুয়োটা দায়ৱদ্ধতাৰ পৰিচয় দিয়ে।