NORTHEAST NOW (Assamese)
অসম

কামাখ্যা ধামত দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে; আশীৰ্বাদ ল’লে মা কামাখ্যাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 20, 2020 12:15 pm
WhatsApp Image 2020-12-20 at 11.50.51 AM

আজি পুৱাই নীলাচল পাহাৰত অৱস্থিত কামাখ্যা ধামত উপস্থিত হয় উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ ব’বডে।

পুৱা ৯মান বজাত মন্দিৰত উপস্থিত হৈ মুখ্য ন্যায়াধীশগৰাকীয়ে মন্দিৰ দৰ্শন কৰে।

দেশৰ মুখ্য ন্যায়াধীশ ব’বডে অহাৰ বাবে মা কামাখ্যা ধামত পুৱাৰে পৰা গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা বেষ্টনী।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱাৰ পাছত প্ৰথমবাৰলৈ অসম ভ্ৰমণ কৰিছে ব’বডেই।

শনিবাৰে তেওঁ দুদিনীয়া ভ্ৰমণ সূচীৰে আহি অসমত উপস্থিত হয়হি। প্ৰথমে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এক কাৰ্যসূচীত ভাগ লয়।

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী আইন মহাবিদ্যালয়ত বন সংৰক্ষক বিষয়ৰ এক আলোচনা চক্ৰত ভাগ লয় য’ত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰামৰ ন্যায়িক বিষয়াৰ লগতে বন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত আছিল।

আজি বিয়লি ভাগত তেওঁ মিজোৰামলৈ যাব আৰু তাত দুদিন কটাই বুধবাৰে ত্ৰিপুৰালৈ ৰাওনা হ’ব।

মুঠ চাৰিদিনীয়া  উত্তৰপূব ভ্ৰমণসূচীৰে ১৯ ডিচেম্বৰত অসমত উপস্থিত হোৱা ব’বডেৰ অহা ২৩ ডিচেম্বৰত উত্তৰ-পূব ভ্ৰমণৰ অন্ত পৰিব আৰু পোনে পোনে তেওঁ কলকাতালৈ ৰাওনা হ’ব।