NORTHEAST NOW (Assamese)
অসম

মিজোৰামেই নহয়, মেঘালয় সীমান্ততো অসম আৰক্ষীৰে মেঘালয়ৰ স্থানীয় লোকৰ সংঘাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 26, 2021 9:13 pm
dc

অসম-মিজোৰাম সীমান্তত মিজো দুষ্কৃতিকাৰীয়ে ৬ জনকৈ অসম আৰক্ষীৰ জোৱানক হত্যা কৰাৰ সময়তে অসম-মেঘালয় সীমান্তৰ কিলিং-লংখুলি অঞ্চলত অসম পুলিচৰ সৈতে মেঘালয়ৰ একাংশ স্থানীয় লোক সংঘাতত লিপ্ত হোৱাৰ বাতৰি আহিছে।

মেঘালয়ৰ বিদ্যুৎ বিভাগে কিলিং-লংখুলি অঞ্চলত পোতা বিদ্যুতৰ খুঁটা উভালি পেলাবলৈ যোৱাৰ সময়তে অসম আৰক্ষীৰ সৈতে মেঘালয়ৰ স্থানীয় লোকৰ সংঘাত হয়।

সবিশেষ বাতৰিৰ বাবে অপেক্ষা কৰা হৈছে।

ইপিনে মিজোৰাম সীমান্তত নিহতৰ সংখ্যা ৭ জনলৈ বৃদ্ধি পাইছে।

অসম আৰক্ষীৰ ৬ জন জোৱানৰ লগতে এজন অসামৰিক লোকৰো মৃত্যু ঘটিছে। ঘটনাটোত কাচাৰৰ  আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্তা নিম্বালকাৰৰ দেহৰক্ষী লিটন শুক্লবৈদ্য নিহত হৈছে।

নিহত আন জোৱান কেইজন হৈছে নজমুল হুছেইন,স্বপন কুমাৰ ৰয়,চামচুদ জামান বৰভূঞা,মাজাৰুল হক।