NORTHEAST NOW (Assamese)
অসম

প্ৰকাশ পালে CBSE ৰ দশম আৰু দ্বাদশৰ পৰীক্ষাৰ সময়সূচী; ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰেক্টিকেল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2024 3:08 pm

অহা বৰ্ষৰ কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ (চিবিএছই) দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ সময়সূচী প্ৰকাশ পালে। সেইমতে, ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব প্ৰেক্টিকেল পৰীক্ষা। ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব লিখিত পৰীক্ষা। সম্পূৰ্ণ সময়সূচীৰ বাবে cbse.gov.in ক্লিক কৰক।

ছাত্ৰ-ছাত্ৰীসকলে একান্তভাৱে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে। ইফালে, বৃহস্পতিবাৰে কেন্দ্ৰীয় ব’ৰ্ডে অফিচিয়েল ৱেবছাইটত অহা বছৰৰ পৰীক্ষাৰ সময়সূচী ঘোষণা কৰে।

দশম আৰু দ্বাদশ শ্ৰেণীৰ বিষয়ভিত্তিক পৰীক্ষাৰ তাৰিখো অতি সোনকালে ঘোষণা কৰা হ’ব। সেই তথ্য ব’ৰ্ডৰ ৱেবছাইটতো উপলব্ধ হ’ব। দুয়োটা শ্ৰেণীৰ সকলো বিষয়ৰ ব্যৱহাৰিক, নিযুক্তি আৰু আভ্যন্তৰীণ মূল্যায়নৰ বাবে নম্বৰ বিতৰণ সন্দৰ্ভতো ৱেবছাইটত ব’ৰ্ডে বিতং তথ্য প্ৰদান কৰিছে।

লগতে পঢ়কঃ ভয়ংকৰ ২০২৫! হ’ব জলপ্ৰলয়, আগ্নেয়গিৰিৰ বিস্ফোৰণ; কৈছে কোভিডৰ ভৱিষ্যদ্বাণী ফলিওৱা বাবা ভাংগাই

জাননী অনুসৰি বহু সময়ত বিদ্যালয়সমূহে প্ৰেক্টিকেল, এচাইনমেণ্ট আৰু ইণ্টাৰনেল এচেছমেণ্টৰ নম্বৰ আপলোড কৰাত ভুল কৰে। এইবাৰ যাতে এনে নহয় তাৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। তদুপৰি ব’ৰ্ডে বিদ্যালয়সমূহক বিতং তথ্যও প্ৰদান কৰিছে যাতে সকলো পৰীক্ষা সহজ আৰু সঠিকভাৱে অনুষ্ঠিত কৰিব পৰা যায়।

ইয়াৰ উপৰিও পৰীক্ষাৰ্থীসকলৰ বাবে বিষয়ৰ নাম, বিষয়ৰ কোড, লিখিত, প্ৰেক্টিকেল, এচাইনমেন্ট আৰু ইন্টাৰনেল এছেছমেন্ট পৰীক্ষাৰ সৰ্বাধিক নম্বৰৰ সন্দৰ্ভত বিতং তথ্য ৱেবছাইটত প্ৰদান কৰা হৈছে।

প্ৰতিটো বিষয়ৰ সৰ্বোচ্চ নম্বৰ ১০০ নিৰ্ধাৰণ কৰা হৈছে। এই নম্বৰ লিখিত, প্ৰেক্টিকেল, এচাইনমেন্ট আৰু ইন্টাৰনেল এছেছমেন্ট পৰীক্ষাৰ মাজত বিতৰণ কৰা হ’ব।

লগতে পঢ়কঃ বিহালীত বিজেপি ত্যাগী জয়ন্ত বৰাক কংগ্ৰেছৰ প্ৰাৰ্থিত্ব; অসম সন্মিলিত মৰ্চায়ো দিব প্ৰাৰ্থী!

ব’ৰ্ডে কয়, প্ৰতিখন বিদ্যালয়ে সকলো নম্বৰ শুদ্ধকৈ আপলোড কৰিব লাগিব। কাৰণ এবাৰ আপলোড কৰা নম্বৰটো সলনি কৰিব নোৱাৰি। আনহাতে, এজন ছাত্ৰৰ উপস্থিতি ৭৫ শতাংশ হ’লেহে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।