NORTHEAST NOW (Assamese)

গুৱাহাটীৰ লজত ভয়ানক কাণ্ড : দশম শ্ৰেণীৰ ছাত্ৰীক উপিৰ্যুপৰি ধৰ্ষণ দুই যুৱকৰ

September 27, 2024 7:57 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

শুকুৰবাৰে গুৱাহাটীৰ এটা লজত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুই যুৱক।

কিশোৰীগৰাকীয়ে তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে দিছপুৰ আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

গুৱাহাটীৰ ডাউন টাউন অঞ্চলৰ মীনাক্ষী লজত সংঘটিত হৈছে এই ঘটনা। পাৰ্টি কৰাৰ উদ্দেশ্যেৰে উক্ত লজলৈ দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক লৈ গৈছিল উক্ত দুই যুৱকে। তাত দুই যুৱকে কিশোৰীগৰাকীক নিচাযুক্ত দ্ৰব্য সেৱন কৰাই ধৰ্ষণ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই অভিযুক্ত হৈছে ৰাজকুমাৰ কুমাৰ ৰায় আৰু গুলাম হাছান ৰাজা। দুয়ো গুৱাহাটীৰ লাষ্ট গেট অঞ্চলৰ বাসিন্দা।

ইফালে এই ঘটনাৰ পিছত লজখনৰ নিয়মক লৈও প্ৰশ্ন উত্থাপন হৈছে। মীনাক্ষী লজৰ পৰিচালনা সমিতিয়ে কোনো পৰিচয় পত্ৰ নোলোৱাকৈ তেওঁলোকক কোঠালি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে।

আনহাতে, আৰক্ষীয়ে এতিয়া এই বিষয়টোৰ সৈতে জড়িত আটকাধীন যুৱক দুজনৰ জেৰা অব্যাহত ৰাখিছে।

Related News