NORTHEAST NOW (Assamese)
অসম

সহপাঠীৰ যৌন আতিশয্যৰ বলি হৈ ছাত্ৰীৰ আত্মহত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 11, 2021 3:27 pm
Sexually Harassment in UP

উত্তৰ প্ৰদেশৰ বুলন্দচহৰত সহপাঠীৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰিছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে।

১৫ বছৰীয়া কিশোৰীগৰাকীক শনিবাৰে ঘৰৰ চিলিঙত পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

কিশোৰীগৰাকীৰ দেউতাকে দাখিল কৰা অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে সাতজন চিনাক্ত আৰু আঠজন অচিনাক্ত লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি, ৮ অক্টোবৰত ছাত্ৰগৰাকীৰ সহপাঠীয়ে কিশোৰীগৰাকীক যৌন হাৰাশাস্তি কৰিছিল আৰু অশ্লীল মন্তব্য কৰিছিল।

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ অধ্যক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে। অধ্যক্ষগৰাকীয়ে অভিযুক্ত ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

অভিযোগটোত উল্লেখ কৰা হৈছে যে সন্ধিয়া অভিযুক্ত ছাত্ৰীগৰাকী আন ১৫ জন ব্যক্তিৰ সৈতে ছোৱালীজনীৰ ঘৰত উপস্থিত হৈছিল আৰু কিশোৰীগৰাকীক নিৰ্যাতন কৰিছিল।

ঘটনাৰ পিছদিনা অভিযুক্ত ছাত্ৰীগৰাকীয়ে পুনৰ ভুক্তভোগীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তাইক ভাবুকি দিছিল।

এনে নিৰ্যাতনত বিচলিত হৈ ছোৱালীজনীয়ে নিজৰ ঘৰৰ চিলিঙত ওলমি আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।