NORTHEAST NOW (Assamese)
দেশ

কাফেলৈ মাতি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষণ কৰিলে দ্বাদশ শ্ৰেণীৰ ছাত্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 27, 2021 8:55 pm
Rape

এখন কাফেত নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক উপৰ্যুপৰি ধৰ্ষণ কৰিলে এজন দ্বাদশ শ্ৰেণীৰ ছাত্ৰই। এই জঘন্য ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ জবলপুৰ জিলাৰ বিজয়নগৰত।

ঘটনাৰ বিৱৰণীৰ মতে ২০২০ চনত সামাজিক মাধ্যম ফেচবুকৰ সূত্ৰে চিনাকি হৈছিল দুয়ো। ইয়াৰ পিছতে দুয়োৰে মাজত ভাৰ্চুৱেল বন্ধুত্ব গঢ় লৈ উঠে। বন্ধুত্ব গঢ় লৈ উঠাৰ পিছৰে পৰা চুমীৰ বাটে নামৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে নৱম মানৰ ছাত্ৰীগৰাকী লগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে।

বাৰম্বাৰ অনুৰোধ কৰাৰ পিছত যোৱা ৬ নৱেম্বৰত ছাত্ৰীগৰাকীয়ে এদিন সন্ধিয়া সমীৰ বাটেক সাক্ষাৎ কৰে। সমীৰে ছাত্ৰীগৰাকীক বিজয় নগৰৰ জিৰ’ ডিগ্ৰী ৰোডত থকা এখন কাফেলৈ লৈ যায়। কাফেখনৰ এটা কোঠাতে ছাত্ৰীগৰাকীক ধৰ্ষণ কৰে সমীৰে।

জানিব পৰা মতে ইয়াৰ কিছুদিনৰ পিছত পুনৰ একেখন কাফেলৈ নি ছাত্ৰীগৰাকীক ধৰ্ষণ কৰিছিল সমীৰে। ইয়াৰ পিছতে ছাত্ৰীগৰাকীয়ে সাহস গোটাই পৰিয়ালৰ লোকক সমগ্ৰ ঘটনা বিৱৰি কয়।

ইতিমধ্যে ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে। POCSO আইনৰ অধীনত গোচৰ ৰুজু কৰি আৰক্ষীয়ে অভিযুক্ত ছাত্ৰনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

চিএছপি তুষাৰ সিঙে কয় যে ছোৱালীজনীৰ অভিযোগৰ পিছতে আৰক্ষীয়ে পকচো (POCSO) আইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰি অভিযুক্ত সমীৰক গ্ৰেপ্তাৰ কৰে।