NORTHEAST NOW (Assamese)
Popular Stories

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ক্লাউডিয়া শ্বেইনবাম

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 3, 2024 12:54 pm
মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত ক্লাউডিয়া শ্বেইনবাম

ক্লাউডিয়া শ্বেইনবাম মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। দেওবাৰে শাসকীয় মৰেনা দলে তেওঁক বিজয়ী ঘোষণা কৰে।

টেলিভিছন চেনেল এনএমএএছ আৰু বাতৰিকাকত এল ফাইনেন্সিয়েৰ’ই কয় যে শ্বেইনবামে ভোটত জয়লাভ কৰে যদিও তেওঁলোকে কোনো তথ্য দিয়া নাই।

শাসকীয় মৰেনা দলৰ মুৰব্বী মাৰিঅ’ ডেলগাডোৱে মেক্সিকো চহৰত সমৰ্থকসকলক কয় যে শ্বেইনবামে “অতি বৃহৎ” ব্যৱধানত জয়লাভ কৰিছে।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত ক্লাউডিয়া শ্বেইনবাম। ফটোঃ সংগ্ৰহীত।

প’লষ্টাৰ পেৰামেট্ৰিকাই জনায় যে শ্বেইনবামে ৫৬ শতাংশ ভোট লাভ কৰি জয়ী হৈছে। আনহাতে তেওঁৰ বিৰোধী প্ৰাৰ্থী যোচিটি গালভেজে ৩০ শতাংশ ভোট লাভ কৰিছে।

নিৰ্বাচনত জয়ী হোৱাৰ পিছত অহা ১ অক্টোবৰত তেওঁ ছবছৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিব।

অনুৰাগীক ধন্যবাদ জনাইছে ক্লাউডিয়া শ্বেইনবামে। ফটোঃ সংগ্ৰহীত।

দেওবাৰে পুৱা ভোট দিবলৈ যোৱাৰ পথত শ্বেইনবামে সাংবাদিকৰ আগত কৈছিল যে এইটো এটা “ঐতিহাসিক দিন” আৰু তেওঁ সকাহ অনুভৱ কৰিছে। তেওঁৰ এই জয়ে মেক্সিকোৰ বাবে এক ডাঙৰ পদক্ষেপৰ প্ৰতিনিধিত্ব কৰে।