NORTHEAST NOW (Assamese)
অসম

তিনিচুকীয়াত ৰাজ্য চৰকাৰৰ ‘স্বচ্ছ আৰু সেউজ গাঁও’ কাৰ্যসূচীৰ শুভাৰম্ভ

Posted by: এন ই নাও নিউজ September 3, 2018 10:27 pm
Jadav Payeng

ৰাজ্যখনক এখন সেউজ আৰু স্বচ্ছ ৰাজ্য হিচাপে গঢ়ি তোলাৰ লক্ষৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ‘মাইগভ আছাম’ৰ উদ্যোগত তিনিচুকীয়া জিলাৰ তৰাজান গাঁৱত ‘স্বচ্ছ আৰু সেউজ গাঁও’ কাৰ্যসূচীৰ আজি আৰম্ভ কৰা হয়।

ৰাজ্যখনৰ ৩৩ জিলাক সামৰি প্ৰস্তুত কৰা এই কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰথিতযশা পৰিৱেশবিদ পদ্মশ্ৰী যাদৱ পায়েঙে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি পায়েঙে পৰিৱেশ সংৰক্ষণৰ দিশত জনসাধাৰণৰ দায়িত্ব আৰু কৰ্তব্য তথা উপযুক্ত সজাগতাৰ কথা উল্লেখ কৰে।

তদুপৰি উক্ত অনুষ্ঠানতে বন বিভাগৰ সহযোগত ৰাইজৰ মাজত গছ পুলি বিতৰণ কৰাৰ লগতে ক্ৰীড়া বিভাগৰ উদ্যেগত যুৱক-যুৱতী সকলৰ মাজত বিভিন্ন ধৰণৰ ক্ৰীড়া সামগ্ৰী বিতৰণ কৰা হয়।

আজি এই অনুষ্ঠানত ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ ৰামেশ্বৰ তেলী, বিধায়ক ক্ৰমে সুৰেন ফুকন, সঞ্জয় কিষাণ, তিনিচুকীয়া জিলাৰ উপায়ুক্ত অইনাম চৰন কুমাৰ সিঙকে ধৰি কেইবাজনো গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।