NORTHEAST NOW (Assamese)
জীৱনশৈলী

এনে লক্ষণে আনিব সম্পৰ্কত ফাঁট: চাওক আৰু হওক সাৱধান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 22, 2023 7:01 am
Relationship

ইজনে সিজনৰ ওপৰত কৰা বিশ্বাসৰ ওপৰত গঢ় লৈ উঠে এটা সম্পৰ্ক। সম্পৰ্কৰ বিশেষত্ব হ’ল যে ই সংগীৰ সৈতে আজীৱন একেলগে থকাৰ মানসেৰে আগবাঢ়ি যায়। কিন্তু এনে এটা সময়ো আহে যেতিয়া সম্পৰ্কৰ অৱনতি ঘটে। কাজিয়া, একেলগে নথকা, কথা নপৰা আদি পৰিস্থিতিৰ উদ্ভৱ হয়।

দেখা যায় যে আজিকালি মানুহে বহু বছৰীয়া বৈবাহিক সম্পৰ্ক এটা শেষ কৰি দিবলৈ বৰ বেছি সময় নলয়। এটা মুহূৰ্ততে আজিকালি পুৰণি বৈবাহিক সম্পৰ্ক এটাকো শেষ কৰি দিয়া দেখা যায়। 

কিন্তু যিকোনো সম্পৰ্ক শেষ হোৱাৰ আগতে কিছুমান বিশেষ লক্ষণ দেখা যায়। এই লক্ষণসমূহৰ বিষয়ে জানো আহক-

১. সকলো ধৰণৰ সম্পৰ্কত আৱেগে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰেম বা বৈবাহিক সম্পৰ্কত যদি সংগীৰ মাজত আৱেগিক মোহ কমি আহে তেন্তে সেই সম্পৰ্কৰ অন্ত পৰাৰ সম্ভাৱনা প্ৰচুৰ হৈ পৰে। আৱেগৰ অনুপস্থিতি যিকোনো সম্পৰ্কৰ প্ৰতি ভাবুকিতকৈ কম নহয়।

২. প্ৰেমিক-প্ৰেমিকা বা বিবাহিত দম্পতীৰ কাজিয়া হোৱাটো স্বাভাৱিক যদিও ইয়াৰ বাবেই যদি তেওঁলোকে শাৰীৰিক সম্পৰ্কৰ পৰা আঁতৰি থাকে তেন্তে সেয়াও এটা ডাঙৰ সমস্যা। কিয়নো শাৰীৰিক সম্পৰ্কই প্ৰেমিক-প্ৰেমিকা বা স্বামী-স্ত্ৰীৰ মাজত আৱেগ আৰু মৰম-চেনেহ শক্তিশালী হিচাপে বৰ্তাই ৰখাত সহায় কৰে।

৩. যদি কাজিয়া লগাৰ পিছত দম্পতীহালৰ মাজত কাজিয়া শেষ কৰিবলৈ বা কথা-বতৰা আৰম্ভ কৰিবলৈ কোনো প্ৰচেষ্টা নাথাকে তেন্তে এয়াও সম্পৰ্ক শেষ হোৱাৰ লক্ষণ। 

৪. বিশ্বাসক স্বামী-স্ত্ৰী বা প্ৰেমৰ সম্পৰ্কৰ আধাৰ হিচাপে গণ্য কৰা হয়। এহাল দম্পতীৰ ক্ষেত্ৰত বিশ্বাসৰ অভাৱ হোৱাৰ অৰ্থ হ’ল সেই সম্পৰ্কটো শেষ হোৱাৰ পথত। 

গতিকে এনে কেতবোৰ লক্ষণ বা সমস্যাই দেখা দিলে সম্পৰ্ক এটাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এনেবোৰ লক্ষণৰ সোনকালে যতি নপৰিলে এনে লক্ষণে সোনকালেই সম্পৰ্ক এটাৰ যতি পেলাব পাৰে। গতিকে আগতীয়াকৈ সাৱধান হওক আৰু এটা সু্ন্দৰ প্ৰেমৰ সম্পৰ্ক বৰ্তাই ৰাখক।