NORTHEAST NOW (Assamese)
অসম

পৰিবেশ কৰ্মী দিশা ৰবিক তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2021 8:22 am
Disha Ravi

দিল্লী আদালতে শুকুৰবাৰে পৰিবেশ কৰ্মী দিশা ৰবিক তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

‘ট’লকিট’ৰ ঘটনাৰ সৈতে থকা সম্পৰ্কৰ বাবে দিশাক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

১৩ ফেব্ৰুৱাৰিত পৰিবেশ কৰ্মী গৰাকীক বাংগালুৰুৰ পৰা আটক কৰা হৈছিল। কৃষকৰ প্ৰতিবাদৰ সৈতে সম্পৰ্ক থকা ‘ট’লকিট’ সম্পাদন কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰা বাবেই দিশাক গ্ৰেপ্তাৰ কৰা হয়।

আৰক্ষীৰ প্ৰাথমিক তদন্তত পৰিবেশ কৰ্মী গৰাকীয়ে তেওঁৰ সহযোগী নিকিতা জেকব আৰু শান্তনু মুলুকক উক্ত ঘটনাৰ বাবে দোষাৰোপ কৰিছে।

আৰক্ষীয়ে দিল্লী আদালতক দিশাক তিনিদিনৰ ন্যায়িক জিম্মাত বিচাৰে আৰু আদালতে আৰক্ষীৰ অনুৰোধ ৰক্ষা কৰি দিশাক তিনিদিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

‘‘তদন্তত তেওঁ প্ৰতাৰণৰ সন্মুখিন হোৱা বুলি উল্লেখ কৰিছে। আমি সহ-অভিযুক্ত শান্তনুলৈ নোটিছ জাৰি কৰিছো আৰু শান্তনুৱে ২২ ফেব্ৰুৱাৰিত তদন্ত প্ৰক্ৰিয়াত যুক্ত হ’ব’’ চৰাকৰী অধিবক্তা ইৰফান আহমেদে আদালতত কয়।