NORTHEAST NOW (Assamese)
Popular Stories

ভুৱা তথ্য! ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপালৰ নিষিদ্ধ ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 12, 2021 12:51 pm

বৃহস্পতিবাৰে দুজনকৈ ভাৰতীয় পৰ্বতাৰোহনকাৰীক নেপাল চৰকাৰে জালিয়াতীৰ আশ্ৰয় লোৱাৰ বাবে পৰ্বতাৰোহণৰ ক্ষেত্ৰত ছয় বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে।

নৰেন্দ্ৰ সিং যাদৱ আৰু সীমাৰানী গোস্বামী নামৰ পৰ্বতাৰোহনকাৰী দুজনে ২০১৬ চনত মাউণ্ট এভাৰেষ্টৰ ৮,৪৮৪.৮৬ মিটাৰ বগোৱাৰ চাৰ্টিফিকেট লাভ কৰিছিল।

কিন্তু পাছত পৰীক্ষা কৰি দেখা গ’ল যে তেওঁলোকে মাউণ্ট এভাৰেষ্টৰ শিখৰত ভৰি দিয়াৰ ভুৱা তথ্য নেপাল চৰকাৰৰ পৰ্যটন বিভাগক দাখিল কৰিছিল।

এই নিষেধাজ্ঞাৰ পাছত ভাৰত চৰকাৰে বছৰি প্ৰদান কৰা টেনজিং নৰ্গে এৱাৰ্ডৰ বাচনিৰ পৰা পৰ্বতাৰোহণকাৰী দুজন বাদ পৰিব।