NORTHEAST NOW (Assamese)
Popular Stories

খেল শেষ  হ’বলৈহে পালে, ৰেফাৰীৰ মুখত পৰিল প্ৰচণ্ড ঘোচা : অনিৰ্দিষ্টকাললৈ স্থগিত ‘ছুপাৰ লীগ’ 

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 12, 2023 9:40 pm

তুৰ্কী ফুটবল লীগ ‘ছুপাৰ লীগ’ত সংঘটিত হৈছে এক অভূতপূৰ্ব কাণ্ড। দুটা ক্লাৱৰ মাজত অনুষ্ঠিত হৈ যোৱা খেলখনৰ পাছত হঠাৎ এটা ক্লাৱৰ সভাপতিয়ে ৰেফাৰীৰ মুখত মাৰিলে প্ৰচণ্ড ঘুচা। যাৰ বাবে দেশৰ ফুটবল ফেডাৰেচনে সমগ্ৰ লীগখন বাতিল কৰে।

বিশ্বৰ ইতিহাসত ফুটবলত খেলপথাৰত হোৱা কাজিয়া নতুন কথা নহয়। ফুটবলৰ ইতিহাসত এনে বহু ভয়ংকৰ আৰু অপ্ৰীতিকৰ ঘটনা ঘটিছে। 

সোমবাৰে তুৰ্কী লীগৰ খেলখন আংকাৰাগুকু আৰু ৰিজেস্পৰৰ মাজত অনুষ্ঠিত হৈছিল। খেলখনৰ আৰম্ভণিতে আংকাৰাগুকু আগবাঢ়ি আছিল। খেলৰ প্ৰথমাৰ্ধ ১-০ গ’লত সমাপ্ত হয়। 

দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে আংকাৰাগুচুৰ এগৰাকী খেলুৱৈয়ে ৰঙা কাৰ্ড পোৱাত খেলপথাৰ এৰিবলগীয়া হয়। তেতিয়াৰ পৰাই আংকাৰাগুকু ক্লাৱৰ সভাপতি ৰেফাৰীৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে। 

৯০+৭ মিনিটত ৰিজেস্পৰে খেলখনৰ শেষ মিনিটত গ’ল দি খেলখন সমতা স্থাপন কৰে।

খেলখন শেষ হোৱাৰ লগে লগে আংকাৰাগুকুৰ সভাপতি ফাৰুক কোকাই ৰেফাৰীৰ ফালে দৌৰি যায় আৰু ৰেফাৰী হালিল উমুটে মেলাৰৰ মুখত মাৰে ঘুচা। লগে লগে মাটিত বাগৰি পৰে ৰেফাৰী। পৰিস্থিতি চম্ভালিবলৈ দৌৰি আহে ফিল্ড ছিকিউৰিটি গাৰ্ড।

এই ঘটনাৰ পিছতে তুৰ্কী ফুটবল ফেডাৰেচনে সমগ্ৰ লীগ বাতিল কৰে।

তুৰ্কী ফুটবল ফেডাৰেচনে কয় যে ক্ৰীড়াৰ অৰ্থ হৈছে শান্তি আৰু ভাতৃত্ববোধ। খেলৰ লগত অস্থিৰতা অসঙ্গতিপূৰ্ণ। তুৰ্কীৰ ক্ৰীড়াত আমি কেতিয়াও অস্থিৰতা আহিবলৈ নিদিওঁ। সেইবাবেই ছুপাৰ লীগ অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হৈছে।

তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে। তেওঁ কয়, ‘ক্লাৱৰ বিষয়াসকলে ৰেফাৰীৰ ওপৰত কৰা আক্ৰমণক মই তীব্ৰ গৰিহণা দিছো। আঘাতপ্ৰাপ্ত ৰেফাৰীৰ আশু আৰোগ্য কামনা কৰিছোঁ। এই ধৰণৰ কাণ্ড খেলপথাৰত হ’ব নালাগে’।