NORTHEAST NOW (Assamese)
অসম

৭ খন জিলাক বাদ কৰি কিছু নিয়ম শিথিলৰ ঘোষণা মুখ্যমন্ত্ৰীৰ,কি সেই ঘোষণা?

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া July 10, 2021 10:29 pm
hinm

শনিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে ক’ভিড পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকা ৭ খন জিলাক বাদ কৰি ৰাজ্যৰ বাকী জিলাসমূহত বুধবাৰৰ বিয়লি ৪ বজাৰ পৰা কাৰ্ফিউ প্ৰযোজ্য হ’ব বুলি ঘোষণা কৰে।

এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন SOP অহা মঙলবাৰৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ ব্যক্ত কৰে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জনোৱা মতে ‘গোৱালপাৰা, গোলাঘাট, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও কোভিড পৰিস্থিতি চিন্তনীয় তথা নিয়ন্ত্ৰণলৈ অহা নাই।”

উপৰোক্ত জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলা ৩ বজালৈকে দোকান-পোহাৰ চৰকাৰী-বেচৰকাৰী কাৰ্যালয় খোলা ৰখাৰ অনুমতি দিয়া হ’ব বুলি তেওঁ ঘোষণা কৰে।

এই জিলা সমূহত বিয়লি ৪ বজাৰ পৰা কাৰ্ফিউ প্ৰযোজ্য হ’ব’ বুলিও তেওঁ কয়।

ইপিনে তেওঁ জনোৱা অনুসৰি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত এতিয়াও কঠোৰ দৃষ্টি ৰখা হৈছে।

আনহাতে গুৱাহাটী মহানগৰত সান্ধ্য আইন ৫ বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে বুলি তেওঁ কয়।